মৰিগাঁও,১৭ নবেম্বৰ: কৃষি প্ৰধান মৰিগাঁও জিলাৰ কৃষক ৰাইজৰ দীৰ্ঘদিনীয়া এক অভাৱ আজি পূৰণ হ'য়।অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ভাৰ্চুৱেল পদ্ধতিৰে খানাপাৰাৰ পৰা মৰিগাঁও চহৰৰ বৰ্ণসত্ৰত নিৰ্মাণ কৰা মাটি গুনাগুন পৰীক্ষন পৰীক্ষাগাৰটো আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে।
মৰিগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত স্থাপন কৰা এই মাটি পৰীক্ষাগাৰটো কৃষক ৰাইজৰ বাবে মুকলি কৰি মৰিগাঁও জিলাৰ কৃষক ৰাইজৰ দীৰ্ঘদিনীয়া এক অভাৱ পূৰণ হ'ল বুলি প্ৰকাশ কৰে। উল্লেখযোগ্য যে মৰিগাঁও জিলাৰ তদানীন্তন উপায়ুক্ত ঋতুৰাজ বৰাৰ নেৰানেপেৰা প্ৰচেষ্টাৰ ফলশ্ৰুতিত ২০২০ চনত অসম চৰকাৰে মৰিগাঁও জিলাত মাটি পৰীক্ষন পৰীক্ষাগাৰটো আবন্টন দিছিল আৰু উক্ত বছৰৰ স্বাধীনতা দিৱসৰ দিনটোতে তদানীন্তন উপায়ুক্ত গৰাকীয়ে অৱসৰ গ্ৰহণ কৰিবলগীয়া নাৰায়ণ বৰা নামৰ মৰিগাঁও জিলা কৃষি বিভাগৰ এগৰাকী জেষ্ঠ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ জৰিয়তে আধাৰশিলা স্থাপন কৰিছিল।
আজি উক্ত মাটি পৰীক্ষন পৰীক্ষাগাৰটো আনুষ্ঠানিকভাৱে উদ্ধোধন কৰা অনুষ্ঠানত তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন কোঁৱৰ, অতিৰিক্ত উপায়ুক্ত গৰ্গমোহন দাস, মৰিগাঁও জিলা কৃষি বিষয়া ইন্দ্ৰমোহন তালুকদাৰ, মহকুমা কৃষি বিষয়া এ কে শৰ্মা,ঔজাৰী কৃষি পামৰ পৰিচালক দিব্যজ্যোতি হাজৰিকাকে প্ৰমুখ্যে কৰি মৰিগাঁও জিলা কৃষি বিভাগৰ ভালেমান বিষয়া কৰ্মচাৰী উপস্থিত থাকে। উল্লেখযোগ্য যে মৰিগঞাঁ কৃষকৰ দীৰ্ঘদিনীয়া অভাৱ পূৰণ হোৱা মৰিগাঁও মাটি পৰীক্ষন পৰীক্ষাগাৰটো আনুষ্ঠানিকভাৱে উদ্ধোধন হোৱা অনুষ্ঠানত জিলাখনৰ ভালেসংখ্যক উদ্যোগী কৃষক উপস্থিত থাকি সন্তুষ্টি প্ৰকাশ কৰে।
Comments