Cartoon
View Older
গুৱাহাটী,১৭ নৱেম্বৰ:অৰুণাচল প্ৰদেশৰ যাতায়ত ক্ষেত্ৰত সূচনা হ’ব এক নতুন দিগন্তৰ।১৯ নৱেম্বৰত ৰাজ্যখনত মুকলি কৰা হ’ব অৰুণাচলৰ প্ৰথমটো বিমানবন্দৰ।দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্ধোধন কৰিব ‘ডনিপ’ল’ গ্ৰীণ ফিল্ড এয়াৰপ’ৰ্ট’।অৰুণাচলৰ ৰাজধানী ইটানগৰত ইতিমধ্যেই সম্পূৰ্ণকৈ সজাই পৰাই তোলা হৈছে বিমানবন্দৰটো।
বিমানবন্দৰৰ প্ৰবেশদ্বাৰটো অৰুণচলৰ ৰাজ্যিক পক্ষীৰ আৰ্হিত সম্পূৰ্ণ বাঁহেৰে নিৰ্মাণ কৰি উলিওৱা হৈছে।ইপিনে প্ৰধানমন্ত্ৰীৰ অৰুণাচল ভ্ৰমণক লৈ চলিছে ব্যাপক প্ৰস্তুতি।বিমানবন্দৰৰ আশেপাশে গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী।
Comments