গুৱাহাটী,১৭ নৱেম্বৰ:পশ্চিম বংগ ভ্ৰমণৰ সময়ত গুৰুতৰভাৱে অসুস্থ হৈ পৰে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী। মঞ্চৰ পৰা নামি আহোতে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল । গ্ৰীণ কৰিডৰৰ মাজেৰে তেওঁৰ বাবে এজন ডাক্তৰ অনা হৈছিল । বৃহস্পতিবাৰে শিলিগুৰিৰ শিৱমন্দিৰৰ পৰা সেৱকৰ চাউনীলৈ যোৱা এটা দীঘলীয়া পথৰ আধাৰশিলা স্থাপন কৰিবলৈ আহিছিল নীতিন গাদকাৰী । দাৰ্জিলিং জংচনৰ সমীপৰ দগাপুৰ খেলপথাৰত অনুষ্ঠিত হয় এই অনুষ্ঠান । মঞ্চত বহু সময় ধৰি অসুস্থ অনুভৱ কৰি আছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। গতিকে অনুষ্ঠানটো সোনকালে বন্ধ কৰি দিয়া হ’ল।
দলীয় সূত্ৰ অনুসৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ব্লাড চুগাৰৰ মাত্ৰা হ্ৰাস পাইছে। চিকিৎসকৰ পৰামৰ্শ মতে চেলাইন দিয়া হৈছে। গ্ৰীণ ৰুমত প্ৰাথমিক চিকিৎসা গ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে। ইয়াৰে পিছত দাৰ্জিলিঙৰ পৰা বিজেপিৰ সাংসদ ৰাজু বিস্তা নিতিনৰ সৈতে এখন গাড়ীৰে তেওঁক ঘৰলৈ অনা হয়।
Comments