গুৱাহাটী,১৫ নৱেম্বৰ: পেঙেৰীকাণ্ডৰ দায়িত্ব স্বীকাৰ আলফা(স্বাধীন)ৰ ৷ মঙলবাৰে পুৱাই সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত এই আক্ৰমণক "অপাৰেশ্যন লক্ষীপথাৰ" আখ্যা দিয়ে বিদ্ৰোহী সংগঠনটোৱে ৷ পেঙেৰীত সোমবাৰৰ আইইডি আক্ৰমণত কেইবাজনো সেনা জোৱান আহত হৈছে বুলি দাবী কৰিছে আলফাই (স্বাধীন) ৷লগতে বিবৃতিটোত দাবী কৰা হয় যে ১৪ নৱেম্বৰৰ পুৱা প্ৰায় ৭.৪৫ বজাত সংযুক্ত মুক্তি বাহিনী, অসমৰ (স্বাধীন) সদস্যৰ দ্বাৰা "অপাৰেশ্যন লক্ষীপথাৰ"ৰ জৰিয়তে ডিগবৈ-পেঙেৰী বনাঞ্চলত ভাৰতীয় সেনাৰ ১৮ নং গাৰোৱাল ৰেজিমেণ্টৰ বিৰুদ্ধে চলোৱা সামৰিক অভিযানত সেনা বাহিনীৰ এখন Anti Mine Casspir বাহন ক্ষতিগ্ৰস্ত হোৱাৰ উপৰিও বহুকেইজন সেনা জোৱান আহত হৈছে ৷
আলফাৰ (স্বাধীন) প্ৰচাৰ গোটৰ সদস্য ৰুমেল অসমে প্ৰেৰণ কৰা বিবৃতিটোত আৰু কোৱা হয় যে সেনা বাহিনীয়ে লজ্জা ঢাকিবৰ বাবে ক্ষতিগ্ৰস্ত বাহনখন আঁতৰাই নিয়াৰ লগতে সেনা জোৱান কেইজনক তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰু সাংবাদিকসকলক ঘটনাস্থলীত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰে ৷ যাৰ ফলত সংবাদমাধ্যমৰ লোকে প্ৰকৃত তথ্য লাভ কৰিব নোৱাৰিলে ৷ ঘটনাস্থলীত পৰি থকা তেজৰ চেকুৰাৰ পৰাই সেই কথা প্ৰমান হয় ৷ উল্লেখ্য যে আগন্তুক ২৪ নৱেম্বৰৰ প্ৰতিবাদ দিৱসৰ লগত সংগতি ৰাখি ভাৰতীয় সেনাৰ বিৰুদ্ধে এই সামৰিক অভিযান চলোৱা বুলি বিবৃতিটোত উল্লেখ কৰা হয় ৷
Comments