Cartoon
View Older
গুৱাহাটী, ১৫ নৱেম্বৰঃমিজোৰামৰ নাথিয়ালত কালি সংঘটিত হয় এক ভয়ংকৰ ঘটনা।শিলৰ কুঁৱেৰী খহি জীৱন্তে পোত গ’ল ১২জনকৈ শ্ৰমিক। এই পৰ্যন্ত ৮ শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।আনহাতে এতিয়াও ঘটনাস্থলীত আবদ্ধ হৈ আছে ৪জন শ্ৰমিক। ঘটনাস্থলীত পুৱাৰে পৰা এন ডি আৰ এফ বাহিনীৰৰ উদ্ধাৰ অভিযান অব্যাহত আছে।
ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে উদ্ধাৰ হোৱা ৮ শ্ৰমিকৰ মৃতদেহ। জানিব পৰা মতে, হনাথিয়েল জিলাৰ মৌদাৰহৰ ব্যক্তিগত কোম্পানীৰ বাবে কাম কৰিছিল শ্ৰমিকসকলে।তেওঁলোকে মধ্যাহ্ন ভোজনৰ বিৰতিৰ পৰা উভতি অহাৰ পাছতেই এই ঘটনা সংঘটিত হয়।
Comments