গুৱাহাটী,১৫ নৱেম্বৰ:ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভা নিৰ্বাচনত ধূলিসাৎ হ'ল অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ । সভাপতি পদত আছুৰ সমৰ্থিত প্ৰাৰ্থী পাৰ্থ সাৰথি গগৈ আৰু উপ-সভাপতি পদত বিজয়ী হ’ল প্ৰত্যুষ ৰাজকোঁৱৰৰ । ইফালে উজ্জ্বল অংকুৰে সাধাৰণ সম্পাদক পদত বিজয়ী হোৱাৰ বিপৰীতে সহকাৰী সম্পাদক পদত অংগনা বৰুৱাই জয়লাভ কৰে । সাংস্কৃতিক সম্পাদক পদত জাহ্নৱী গগৈ, সাহিত্য আৰু সুকুমাৰ কলা সম্পাদক পদত অংকিতা দত্ত, তৰ্ক আৰু সম্পাদক পদত কল্যাণ দত্ত, সমাজসেৱা সম্পাদক পদত মহিমা তামাং, জিমনেছিয়াম পদত অনঞ্জয় মুছাহাৰীয়ে জয়লাভ কৰে ৷
আনহাতে আলোচনী সম্পাদকৰ পদত নিবেদিতা বৰুৱা, ভলীবল সম্পাদক পদত সুভ্ৰজিৎ বৰা, ছাত্ৰ জিৰণি কোঠা সম্পাদক পদত মৃদুল ভূঞা, সাধাৰণ ক্ৰীড়া সম্পাদক পদত কণিকা গগৈ, সংগীত সম্পাদক পদত দিব্যজ্যোতি মিলি, ফুটবল সম্পাদক পদত কিশোৰ ৰঞ্জন গগৈ, ছাত্ৰ জিৰণি কোঠা সম্পাদক পদত মৃদুল ভূঞা আৰু ছাত্ৰী জিৰণি কোঠা পদত নেহা খান বিজয়ী হয় ।
Comments