গুৱাহাটী, ১৫ নৱেম্বৰঃ নতুন দিল্লীৰ ভাৰতীয় বিশ্ববিদ্যালয় সংস্থা (এআইইউ) আৰু ইউএছটিএমৰ দ্বাৰা আয়োজিত এআইইউ ইষ্ট জ'ন ইণ্টাৰ ইউনিভাৰ্চিটি বাস্কেটবল পুৰুষ আৰু মহিলা প্ৰতিযোগিতা ২০২২-২৩ মঙলবাৰৰ পৰা আৰম্ভ হয়।
প্ৰতিযোগিতাৰ শুভাৰম্ভ কাৰ্যসূচীত এথলেটিক ফেডাৰেছন অৱ ইণ্ডিয়াৰ উপ-সভাপতি তথা অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ, অসম অলিম্পিক সন্থাৰ উপ-সভাপতি ৰাজ কাকতি, ইউএছটিএমৰ উপাচাৰ্য অধ্যাপক জি ডি শৰ্মা, অসম ক্ৰীড়া পৰিষদৰ উপাধ্যক্ষ আকাশ ফুকন, ডিএছপি নয়নমণি শইকীয়া, ভাৰতীয় বাস্কেটবল দলৰ অধিনায়ক তথা অৰ্জুন বঁটা প্ৰাপক বিজেশ ভৃগুবংশী, বাস্কেটবল টীম ইণ্ডিয়াৰ প্ৰশিক্ষক মোহিত ভাণ্ডাৰী, ভাৰতৰ বাস্কেটবল দলৰ সদস্য অৰ্জুন সিং, প্ৰবীণ ক্ৰীড়া সাংবাদিক সুবোধ মল্ল বৰুৱা উপৰিও বিশিষ্ট ক্ৰীড়া ব্যক্তিত্ব আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
ইপিনে, ১৫ নৱেম্বৰৰ পৰা ২৫ নৱেম্বৰ ২০২২ লৈ চলিব লগা এই প্ৰতিযোগিতাত প্ৰথম ৪ দিন অৰ্থাৎ ১৮ নৱেম্বৰলৈ মহিলা বাস্কেটবল অনুষ্ঠিত হ'ব। ইয়াৰ দুদিন বিৰতিৰ পিছত পুৰুষৰ মাজত বাস্কেটবল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। উক্ত প্ৰতিযোগিতাত উত্তৰ-পূবৰ বিভিন্ন ৰাজ্যৰ লগতে উৰিষ্যা, উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, ছত্তীশগড়, পশ্চিম বংগৰ বিশ্ববিদ্যালয়সমূহক প্ৰতিনিধিত্ব কৰি মুঠ ৩৬ টা দলে অংশগ্ৰহণ কৰিছে। ইয়াত মুঠ ৪৫০ গৰাকী খেলুৱৈৰ লগতে ৭০ জন প্ৰশিক্ষক অংশগ্রহণ কৰিব।
আনহাতে, পুৰুষৰ প্ৰতিযোগিতা ২২ ৰ পৰা ২৫ নৱেম্বৰ ২০২২ লৈ ইউএছটিএমৰ ক্ৰীড়া কমপ্লেক্সত চলিব। পুৰুষৰ প্ৰতিযোগিতাত মুঠ ৫১ টা দলে অংশগ্ৰহণ কৰিব, য'ত ৬১২ জন খেলুৱৈ আৰু ১০০ জন প্ৰশিক্ষক অংশগ্রহণ কৰিব।
Comments