গুৱাহাটী, ১৫ নৱেম্বৰঃ ইজৰাইলত প্ৰকাশিত খাদ্য আৱৰ্জনা সম্পৰ্কীয় এক ৰাষ্ট্ৰীয় প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি, ২০২১ চনত দেশখনত প্ৰায় ২১.৩ বিলিয়ন শ্বেকেল (৬ বিলিয়ন ডলাৰ) ব্যয়ৰ ২.৬ নিযুত টন খাদ্য অপচয় হৈছে, যি ৩০ লাখৰো অধিক লোকক খাদ্য যোগান ধৰাৰ বাবে পৰ্যাপ্ত হ'ব। এই অপচয় হোৱা খাদ্যই ইজৰাইলৰ বাৰ্ষিক খাদ্য উৎপাদনৰ প্ৰায় ৩৭ শতাংশৰ সমান হ'ব বুলি প্ৰতিবেদনখনত প্ৰকাশ পাইছে।
প্ৰায় ৯০ লাখ ৫০ হাজাৰ জনসংখ্যা থকা দেশখনৰ বাবে এই অপচয় কৰা খাদ্যৰ অৰ্থ হৈছে এই পৰিমাণে এবছৰৰ বাবে প্ৰায় ৩০ লাখ ৫০ হাজাৰ ভোকাতুৰ লোকক খাদ্যৰ যোগান ধৰিব পৰা গ'লহেতেন।
ইফালে, প্ৰায় ৪২ শতাংশ অথবা অপচয় হোৱা খাদ্যৰ মূল্য ৭.৫ বিলিয়ন শ্বেকেল পুনৰ ব্যৱহাৰযোগ্য আৰু খাব পৰা গ'লহেতেন বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। লগতে, খাদ্য সঞ্চয়ৰ অৰ্থনৈতিক, সামাজিক আৰু পাৰিপাৰ্শ্বিক লাভালাভ সন্দৰ্ভত প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, এনে প্ৰচেষ্টাই ইজৰাইলৰ অৰ্থনীতিৰ প্ৰতি বছৰে ৫ বিলিয়ন শ্বেকেল ৰাহি কৰিব পাৰে।
Comments