গুৱাহাটী,১৫ নৱেম্বৰ : দেশভক্ত তৰুণৰাম ফুকন ইনড'ৰ ষ্টেডিয়ামত চলি থকা ৭০ সংখ্যক উনিক আন্তঃজিলা টেবুল টেনিছ প্রতিযোগিতাৰ সামৰণি পৰিছে। প্ৰতিযোগিতাখনত প্ৰতিভাৱান পেডলাৰ প্ৰিয়ানুজ ভট্টাচাৰ্যই পুনৰ চমক দেখুৱাবলৈ সক্ষম হৈছে। অনূর্ধ্ব ১৭ আৰু ১৯৩ প্ৰিয়ানুজে চেম্পিয়নৰ খিতাপ দখল কৰে। গুৱাহাটীৰ দিব্যাজ ৰয়ক ৪১ত আৰু ডিব্ৰুগড়ৰ মানস প্রতীম গগৈক ৪-১৩ পৰাক্ত কৰি প্ৰিয়ানুজে প্রতিযোগিতাখনৰ শ্ৰেষ্ঠত্বৰ খিতাপো দখল কৰে। আনহাতে, পুৰুষৰ শাখাত অইলৰ অগ্নিভ ভাস্কৰ গোহাঁয়ে গোলাঘাটৰ শাংকৱ গৌতম বৰুৱাক ৪-১ত আৰু মহিলাৰ শাখাত অইলৰ তৃষা গগৈয়ে গুৱাহাটীৰ ভূমিকা কৌশিকক ৪-০ত পৰাস্ত কৰি চূড়ান্ত খিতাপ দখল কৰে।
তেনেদৰে আন আন শাখাৰ ফলাফলসমূহ এনেধৰণৰ — অনূর্ধ্ব ১১ ছোৱালী শাখাত গুৱাহাটীৰ আয়াত ৰহমানে শিলচৰৰ দ্বিবিজা পলক ৩-০৩, ল'ৰাৰ শাখাত শিৱসাগৰৰ আৰোহণ দাসে ডিব্ৰুগড়ৰ অদ্রিম গগৈক ৩-১৩, অনূর্ধ্ব ১৩ ছোৱালী শাখাত গুৱাহাটীৰ প্রকৃতি সিঙে ডিব্ৰুগড়ৰ অভনা গগৈক ৩-০৩, ল'ৰাৰ শাখাত গুৱাহাটীৰ অভিক কাশ্যপে যোৰহাটৰ অৰ্নেশ বৰুৱাক ৩-১৩, অনূর্ধ্ব ১৫ ছোৱালী শাখাত গুৱাহাটীৰ গাৰ্গী শইকীয়াই ধনিষ্ঠা শইকীয়াক ৩-২ত আৰু ল'ৰাৰ শাখাত গুৱাহাটীৰ দিব্যাজ ৰায়ে ডিব্ৰুগড়ৰ স্বপ্নল দত্তক ৩-২৩, অনূর্ধ্ব ১৭ ছোৱালী শাখাত গুৱাহাটীৰেই প্ৰাচী মজুমদাৰে ভূমিকা কৌশিকক ৩-১৩, অনূর্ধ্ব ১৯ ছোৱালী শাখাত গুৱাহাটীৰ ভূমিকা কৌশিকে ভাৱনা কাশ্যপক ৪০ত পৰাস্ত কৰি চেম্পিয়ন হয়। প্রমিজিং প্লে'য়াৰ খিতাপ লাভ কৰে ল'ৰাৰ শাখাত ডিব্ৰুগড়ৰ ফাইজান হুছেইনে আৰু ছোৱালী শাখাত গুৱাহাটীৰ জেনেছা বিপুলে।
Comments