গুৱাহাটী,১৬ নৱেম্বৰ:চলিত বৰ্ষৰ অক্টোবৰত ভাৰতীয় বংশোদ্ভৱ ঋষি ছুনাক আনুষ্ঠানিকভাৱে ব্ৰিটেইনৰ কনিষ্ঠ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে ৷ ইয়াৰ পিছতে জি-সন্মিলনৰ ১৭ তম সংস্কৰণ আৰম্ভ হোৱাৰ এদিনৰ পূৰ্বে অৰ্থাৎ মঙলবাৰে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰথমবাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰক মোদীক সাক্ষাৎ কৰে ৷
এই সাক্ষাৎকাৰৰ পিছতে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাকে ব্ৰিটেইনত কৰ্মৰত ভাৰতীয় যুৱক-যুৱতীসকলৰ বাবে ৩,০০০ ভিছাৰ অনুমতি প্ৰদান কৰাৰ কথা ঘোষণা কৰে ৷ তেওঁ কয় যে ২০২১ চনৰ মে’ মাহত ভাৰত আৰু ব্ৰিটেইনৰ মাজত এক চুক্তিৰ স্বাক্ষৰ হৈছিল ৷ এই চুক্তিৰ প্ৰধান উদ্দেশ্য আছিল দেশ দুখনৰ মাজত এক শক্তিশালী সম্বন্ধ স্থাপন কৰা ৷ ব্ৰিটেইনত বাস কৰা প্ৰবাসী ভাৰতীয়সকলৰ সুবিধাৰ্থে এই আঁচনিৰ অধীনত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷এই সাক্ষাৎকাৰৰ পিছতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটযোগে দুয়োৰে এখন ফটো শ্বেয়াৰ কৰি লিখে যে- আপোনাক লগ পাই নথৈ আনন্দিত হ’লো ৷ আগন্তুক দিনকেইটাত একেলগে কাম কৰি যোৱাৰ আশা প্ৰকাশ কৰিলো ৷
ইফালে প্ৰধানমন্ত্ৰী ঋষি ছুনাকে এই ঘোষণা কৰি কয় যে নতুন ইউকে-ইণ্ডিয়া ইয়ং প্ৰফেশ্যনেলছ আঁচনিৰ অধীনত ব্ৰিটেইনত বাস ১৮ ৰ পৰা ৩০ বছৰৰ ভিতৰৰ বহু প্ৰবাসী যুৱ পেছাদাৰীয়ে কাম কৰিব পাৰিব ৷ সেইবাবে এই ভিছাৰ সহায়েৰে এই শিক্ষিত যুৱক-যুৱতীসকলে দুবছৰলৈকে ব্ৰিটেইনত থকাৰ লগতে দেশখনত সুকলমে কাম কৰিব পাৰিব ৷ লগতে এই আঁচনিৰ অধীনত ইচ্ছুক যুৱক-যুৱতীসকলে ভাৰতৰ পৰা আহি দুবছৰলৈ ব্ৰিটেইনত কাম কৰিব পাৰিব ৷ এনে আঁচনিৰ পৰা লাভান্বিত হোৱা ভাৰত হৈছে প্ৰথম ভিছা-ৰাষ্ট্ৰীয় দেশ ৷ এই আঁচনিয়ে ইউকে-ভাৰত প্ৰব্ৰজন আৰু গতিশীলতা অংশীদাৰিত্বৰ শক্তিৰ ওপৰত আলোকপাত কৰিব ৷ডাউনিং ষ্ট্ৰীটে এক বিবৃতিত কয় যে ভাৰতৰ সৈতে আমাৰ দ্বিপাক্ষিক সম্পৰ্ক আৰু আমাৰ অৰ্থনীতি শক্তিশালী কৰাৰ বাবে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সৈতে শক্তিশালী সম্পৰ্ক গঢ়ি তোলাৰ বাবে এই আঁচনি অতিকৈ গুৰুত্বপূৰ্ণ ৷ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ প্ৰায় যিকোনো দেশতকৈ ইউকেৰ ভাৰতৰ সৈতে অধিক সম্পৰ্ক আছে ৷ ইউকেৰ সকলো আন্তৰ্জাতিক শিক্ষাৰ্থীৰ প্ৰায় এক চতুৰ্থাংশ ভাৰতৰ, ইউকেত ভাৰতীয় বিনিয়োগে সমগ্ৰ ইউকেত ৯৫,০০০ চাকৰি সমৰ্থন কৰে । এই বাণিজ্য চুক্তিয়ে ইউকে-ভাৰত বাণিজ্যিক সম্পৰ্ক গঢ়ি তুলিব, যাৰ মূল্য ইতিমধ্যে ২৪ বিলিয়ন পাউণ্ড, আৰু ইউকেক ভাৰতৰ বৰ্ধিত অৰ্থনীতিৰ একাংশ ব্যৱহাৰ কৰিবলৈ অনুমতি দিব ৷
Comments