ধেমাজি, ১৮ নৱেম্বৰ:ছাত্ৰ-ছাত্ৰী তথা যুৱচামক লাচিত বৰফুকনৰ মহান ত্যাগ আৰু দেশপ্ৰেমৰ আদৰ্শৰে অনুপ্ৰাণিত হ'বলৈ আহবান জনাইছে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই। আজি ধেমাজি কাছাৰী ময়দানত আয়োজিত কুচকাৱাজ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সাংসদ গৰাকীয়ে কয় যে, অসম চৰকাৰৰ এনে মহত্বপূৰ্ণ প্ৰয়াসৰ বাবেই আজি দেশৰ সকলো প্ৰান্তৰ লোকে লাচিত বৰফুকনৰ বীৰত্ব, সাহস আৰু নেতৃত্বৰ গুণৰ বিষয়ে জনাৰ সুযোগ পাইছে।
তাৰ বাবে তেওঁ মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ শলাগ লয়। ইয়াৰ পূৰ্বে দিয়া আদৰণি ভাষণত জিলা আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞাই কয় লাচিত বৰফুকন আছিল অসমীয়াৰ স্বাভিমান আৰু বীৰত্বৰ প্ৰতীক। তেনে এগৰাকী সেনা নায়কক সামৰিক মৰ্যাদাৰে শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যই অসম চৰকাৰৰ নিৰ্দেশ ক্ৰমে ৰাজ্যৰ অন্যান্য অংশৰ লগতে ধেমাজি জিলাতো আৰক্ষী, অৰ্ধসামৰিক বাহিনী আৰু এন এন চি কেডেটৰ সহযোগত কুচকাৱাজৰ আয়োজন কৰা হৈছে। ইয়াৰ পূৰ্বে সাংসদ গৰাকীয়ে আকৰ্ষণীয় কুচকাৱাজৰ অভিবাদনো গ্ৰহণ কৰে।
কুচকাৱাজত ধেমাজি জিলা আৰক্ষীৰ উপৰি কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, ২২ অসম আৰক্ষী আই আৰ বেটেলিয়ন, ধেমাজি মহাবিদ্যালয়, ধেমাজি বালিকা মহাবিদ্যালয়, ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ধেমাজি টাউন হাইস্কুলৰ এন চি চি দল আৰু এছ এফ এছ স্কুলৰ বেণ্ড দলে অংশগ্ৰহণ কৰে । অনুষ্ঠানত জিলা উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্য, ধেমাজি নগৰ প্ৰাধিকৰণৰ সভাপতি তোলন কোঁৱৰ, অতিৰিক্ত উপায়ুক্ত যাদৱ পেগু, অতিৰিক্ত আৰক্ষী অধীক্ষক গৌৰৱ আগৰৱালাৰ প্ৰমুখ্যে প্ৰশাসনৰ জেষ্ঠ বিষয়া আৰু বিভিন্ন সংগঠনৰ প্ৰতিনিধিও উপস্থিত থাকে ৷
Comments