গুৱাহাটী, ২০ নৱেম্বৰ: সুদীৰ্ঘ ৩৫ বছৰ পাছত অসমত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় শিশু বৈজ্ঞানিক প্ৰদৰ্শনী । ১৯৮৬ চনত প্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত হৈছিল এই প্ৰদৰ্শনী । সুদীৰ্ঘ ৩৫ বছৰৰ অন্তত এইবাৰ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’ব ৪৯ সংখ্যক এই প্ৰদৰ্শনী । পূৰ্বে জৱাহৰলাল নেহেৰুৰ নামেৰে আছিল এই শিশু বৈজ্ঞানিক প্ৰদৰ্শনী ।
এতিয়া ৰাষ্ট্ৰীয় শিশু বৈজ্ঞানিক প্ৰদৰ্শনী নামাকৰণ কৰা হৈছে । এইবাৰ ৪৯ সংখ্যক ৰাষ্ট্ৰীয় শিশু বৈজ্ঞানিক প্ৰদৰ্শনী ২২ নৱেম্বৰৰ পৰা ২৬ নৱেম্বৰলৈ কলাক্ষেত্ৰত অনুষ্ঠিত হ’ব । আজি গুৱাহাটীৰ কাহিলিপাৰাস্থ অসম ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰি কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ।
উল্লেখ যে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদৰ সহযোগত অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ সৌজন্যত এই প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে । শিক্ষামন্ত্ৰী ডাঃ পেগুৱে কয় যে পাঁচদিনীয়াকৈ আয়োজন কৰা এই প্ৰদৰ্শনীত দেশৰ ৪৬৭ গৰাকী শিশু বিজ্ঞানী আৰু সমল ব্যক্তিয়ে অংশগ্ৰহণ কৰিব । এই প্ৰদৰ্শনীত নৱোদয় বিদ্যালয় আৰু চেন্ট্ৰেল স্কুলৰ শিক্ষাৰ্থীসকলেও অংশগ্ৰহণ কৰিব ।
এই প্ৰদৰ্শনীৰ দ্বাৰা অসমৰ ছাত্ৰ-ছাত্ৰীসকল বিশেষভাৱে লাভান্বিত হ’ব বুলি উল্লেখ কৰি তেওঁ সকলোকে ইয়াত অংশগ্ৰহণ কৰাৰ বাবে আহ্বান জনায় । ৰাষ্ট্ৰীয় শিশু বৈজ্ঞানিক প্ৰদৰ্শনীত অসমৰ ১৯ টা দলে অংশগ্ৰহণ কৰিব । প্ৰদৰ্শনীত মুঠ ১৬৪ খন ষ্টল থাকিব আৰু বৈদিক যুগৰ বৈজ্ঞানিক বিষয়ো প্ৰদৰ্শিত হ’ব । এই বৈজ্ঞানিক প্ৰদৰ্শনীত দেশৰ ২২ খন ৰাজ্যই অংশগ্ৰহণ কৰিব ।
Comments