Cartoon
View Older
গুৱাহাটী,১৮ ছেপ্টেম্বৰ: হোজাই আৰক্ষী থানাৰ উপ পৰিদৰ্শক ভাস্কৰ বৰাক নিলম্বন । সাংবাদিকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত নিলম্বিত কৰা হয় আৰক্ষী বিষয়াগৰাকীক৷
আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ নিৰ্দেশত তাৎক্ষণিকভাৱে নিলম্বন কৰা হয় বিষয়াগৰাকীক । শুকুৰবাৰে নিশা শিৱদয়াল সিং নামৰ এজন সাংবাদিকক বেআইনীভাৱে থানালৈ আনি আতিশয্য চলোৱাৰ অভিযোগ আছিল বিষয়াজনৰ বিৰুদ্ধে। জিলা সাংবাদিকৰ তৰফৰ পৰা লিখিত অভিযোগ জনোৱাৰ পিছত তাৎক্ষণিকভাৱে নিলম্বন কৰা হয় বিষয়াগৰাকীক ।
Comments