গুৱাহাটী,১৭ নৱেম্বৰ:অসমৰ ৰাজনীতিত এআইইউডিএফে সুবিধাবাদৰ ৰাজনীতি কৰাৰ অভিযোগ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙৰ । গুৱাহাটীৰ ভৰলুমুখৰ সোণাৰাম উচ্চতম মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অসম প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত বৃহস্পতিবাৰে অনুষ্ঠিত সভাত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙে এই অভিযোগ কৰি কয় যে অসমত এতিয়া মহাজোঁটৰ চৰকাৰ চলি আছে ।
বিজেপি, অগপ আৰু এআইইউডিএফৰ এই মহাজোঁট । তেওঁ কয়, "ৰাষ্ট্ৰপতি, ৰাজ্যসভাৰ নিৰ্বাচনৰ সময়ত এআইইউডিএফে বিজেপিৰ সমৰ্থিত প্ৰাৰ্থীক ভোট দি সহায় কৰি আহিছে । অসমৰ ৰাইজে এই তিনিটা দলক অসমৰ পৰা উৎখাত কৰাৰ সময় আহি পৰিছে ।" তেওঁ বিজেপি চৰকাৰৰ শাসনত অসমৰ কোনো উন্নয়ন সাধন হোৱা নাই বুলি অভিযোগ কৰে । তেওঁ কয় যে পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ দুয়োকাষে এক্সপ্ৰেছ হাইৱে' নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল ।কিন্তু আজিলৈকে এই হাইৱে'ৰ কোনো চিনমোকাম নাই । উল্লেখ্য যে ভাৰত জোড়ো যাত্ৰাৰ অংশ হিচাপে অসম প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত উলিওৱা ভাৰত জোড়ো যাত্ৰা, অসমৰ পদযাত্ৰা বৃহস্পতিবাৰে গুৱাহাটীৰ ভৰলুমুখত থকা সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা আৰম্ভ হয় । এই উপলক্ষে পদযাত্ৰাৰ আৰম্ভণিতে এখন ৰাজহুৱা সভা সোণাৰাম খেলপথাৰত অনুষ্ঠিত হয় ।
Comments