গুৱাহাটী,১৭ নৱেম্বৰঃ ডিব্ৰুগড়ৰ জ্যেষ্ঠ সাংবাদিক প্ৰবীৰ চক্ৰৱৰ্তী আৰু ‘প্ৰাগ নিউজ'ৰ উজনি ব্যুৰ চীফ উৎপল বৰাক আজি ৰাষ্ট্ৰীয় প্ৰেছ দিবস উপলক্ষে দুলীয়াজানত অইল-ডি পি চি মিডিয়া এৱাৰ্ড-২০২২ (ছপা আৰু বৈদ্যুতিন মাধ্যমৰ) প্ৰদান কৰা হয়। দুলীয়াজান প্ৰেছ ক্লাবে অইল ইণ্ডিয়া লিমিটেডৰ সহযোগত অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ এই অনুষ্ঠানতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদার্থ বিজ্ঞান বিভাগৰ সহকাৰী প্ৰাধ্যাপক তথা দুলীয়াজানৰ জীয়ৰী বিনীতা পাঠকক দুলীয়াজান গৌৰৱ বঁটা প্ৰদান কৰা হয়।
ৰাষ্ট্ৰীয় দিৱস উপলক্ষে পুৱা প্ৰেছ ক্লাবৰ সভাপতি ব্ৰজেন গগৈয়ে পতাকা উত্তোলন কৰে আৰু স্মৃতি তৰ্পণৰ শুভাৰম্ভ কৰে উপদেষ্টা আদিত্য গোস্বামী, সাধাৰণ সম্পাদক দিগন্ত শইকীয়া আৰু উপ- সভাপতি পবিত্ৰ বৰঠাকুৰে। এই কাৰ্যসূচীৰ পিছতে দুলীয়াজানৰ দুটাকৈ সাংবাদিক সংগঠন সন্মিলিত সাংবাদিক মঞ্চ, দুলীয়াজান আৰু দুলীয়াজান প্ৰেছ ক্লাবৰ উমৈহতীয়া কাৰ্যালয় দুলীয়াজান মিডিয়া। চেণ্টাৰ ভৱনটো উদ্বোধন কৰে অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য আবাসিক বিষয়া প্রশান্ত বৰকাকতিয়ে।
এই অনুষ্ঠানত অইল ইণ্ডিয়া লিমিটেডৰ মুখপাত্র ভৈৰৱ ভূঞা, মানৱ সম্পদ বিভাগৰ মহাপ্ৰৱন্ধক ত্রিদীপ হাজৰিকাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। পৰৱৰ্তী সময়ত দুলীয়াজান প্ৰেছ ক্লাবৰ সভাপতি ব্রজেন গগৈৰ সভাপতিত্বত দুলীয়াজান মিডিয়া চেণ্টাৰ প্ৰেক্ষাগৃহত মুকলি সভা অনুষ্ঠিত হয়। সভাখন উদ্বোধন কৰে অইল ইণ্ডিয়া লিমিটেডৰ মুখপাত্র ভৈৰৱ ভূঞাই। এই সভাতে দুলীয়াজান প্ৰেছ ক্লাবে দুলীয়াজান মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ পূর্ণকান্ত হাজৰিকাৰ জীৱনৰ আধাৰত প্ৰকাশ কৰি উলিওৱা অভিনন্দন গ্রন্থ 'আত্মোপম’উন্মোচন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই।
আনহাতে, মুকলি সভাত দুলীয়াজান অঞ্চলটোত শৈক্ষিক, সামাজিক, অর্থনৈতিক, সাংস্কৃতিক দিশত সেৱা আৰু সুনাম অৰ্জন কৰা পাঁচগৰাকী বিশেষ ব্যক্তি ক্রমে— অৱসৰপ্ৰাপ্ত শিক্ষক জগত বৰুৱা, চিকিৎসক ড০ চম্পক দত্ত, বহুমুখী প্রতিভাসম্পন্ন ছাত্র অয়ন গগৈ, দুলীয়াজানৰ অগ্ৰণী সমাজসেৱিকা দিপিকা কটকী আৰু জ্যেষ্ঠ সাংবাদিক তথা বিশিষ্ট পৰিবেশকর্মী জয়ন্ত ভূঞাক বিশেষ সম্বর্ধনা জ্ঞাপন কৰা হয়।
সভাখনত বিশিষ্ট সাংবাদিক ইকবাল আহমেদ, ললিতা, বিশিষ্ট শিক্ষাবিদ পূর্ণকান্ত হাজৰিকা, অইলৰ মহাপ্ৰবন্ধক ত্রিদীপ হাজৰিকা, দুলীয়াজান মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ লোকবিকাশ গগৈ, জ্যেষ্ঠ সাংবাদিক কৰুণজ্যোতি শইকীয়া, দুলীয়াজান সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হেমেন নেওগ, শিক্ষাবিদ গুণীন্দ্রনাথ ফুকন, হেমকান্ত গগৈ, বিষেশ্বৰ গগৈ আদি বহুকেইগৰাকী গণ্য-মান্য ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানটোৰ আঁত ধৰে দুলীয়াজান প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক দিগন্ত শইকীয়া আৰু উপ-সভাপতি পৱিত্ৰ বৰঠাকুৰে।
Comments