গুৱাহাটী,১৭ নৱেম্বৰ:এতিয়াৰে পৰা গাঁৱে-ভূঞে সহজে উপলব্ধ হ'ব ৰং-বিৰঙী অলংকাৰিক মাছ। গাঁৱৰ মহিলাই বহিঃৰাজ্যলৈ ৰপ্তানি কৰিব পাৰিব একুৱাৰিয়ামত সৌন্দর্যবর্ধন কৰা নানাৰঙী মাছ। ডিব্ৰুগড় জিলা মীন বিভাগে এইক্ষেত্ৰত গ্ৰহণ কৰিছে অভিলাষী আঁচনি। ডিব্ৰুগড় জিলা মীন বিষয়া তীৰ্থনাথ হাজৰিকাৰ তৎপৰতাত ডিব্ৰুগড় জিলাৰ মৰাণৰ খোৱাং কটকীপুখুৰী আহোম গাঁৱত একেদিনাই উদ্বোধন কৰা হয় এনে ৬ খন আঁচনি ।
প্রধানমন্ত্রী মৎস্য সম্পদা যোজনা (PMMSY) ৰ জৰিয়তে স্থাপন কৰা হৈছে অলংকাৰিক মাছ উৎপাদনৰ প্ৰকল্পসমূহ। মঙলবাৰে একেদিনাই আঁচনিসমূহ উদ্বোধন কৰে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে। এই আঁচনিসমূহৰ ভিতৰত ক্ষুদ্ৰ আৰু মধ্যমীয়া এই দুটা প্ৰকাৰৰ প্ৰকল্প স্থাপন কৰা হৈছে। এই প্রকল্পসমূহত অলংকাৰিক মাছৰ পোনাৰ লগতে পৈনত মাছো উৎপাদন কৰা হ'ব।
আমদানিকৃত অলংকাৰিক মাছৰ লগতে থলুৱা অলংকাৰিক মাছৰ উৎপাদনৰো লক্ষ্য লৈছে মীন বিভাগে। এই প্রকল্প উদ্বোধনী অনুষ্ঠানত ডিব্ৰুগড় জিলাৰ অতিৰিক্ত উপায়ুক্ত জীতু কুমাৰ দাস, ডিব্ৰুগড় জিলা পৰিষদৰ সভানেত্রী দেইজী শ্যাম, মৰাণ দিখাৰী জিলা পৰিষদৰ সদস্যা শিখামণি মুলী, যুৱনেতা দুলাল গগৈ, খোৱাং পঞ্চায়তৰ সভানেত্রী শিপ্রা ফুকন উপস্থিত থাকে।
Comments