গুৱাহাটী, ১৮ নৱেম্বৰ: ভাৰতৰ মহাকাশ অভিযানে শুকুৰবাৰে এক নতুন অধ্যায়ৰ সূচনা কৰিব ৷ দেশৰ প্ৰথমটো ব্যক্তিগতভাৱে নিৰ্মিত ৰকেট ‘বিক্ৰম-এছ’ আজি শ্ৰীহৰিকোটাৰ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰিব ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই । ইয়াৰ দ্বাৰা দশক দশক ধৰি চৰকাৰী মালিকানাধীন ইছৰ’ৰ আধিপত্য থকা দেশৰ মহাকাশ উদ্যোগত ব্যক্তিগত খণ্ডৰ প্ৰৱেশৰ সূত্ৰপাত হ’ব ।
২০২০ চনত কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগত খণ্ডৰ বাবে মহাকাশ উদ্যোগ মুকলি কৰাৰ পিছত ভাৰতৰ প্ৰথমটো ব্যক্তিগত খণ্ডৰ কোম্পানী হিচাপে পৰিগণিত হৈছে স্কাইৰুট এৰ’স্পেচ । আজি পুৱা ১১:৩০ বজাত প্ৰথমটো ব্যক্তিগত ৰকেট বিক্ৰম-এছ উৎক্ষেপণৰ সময় নিৰ্ধাৰণ কৰা হৈছে । ইয়াৰ পূৰ্বে ১৫ নৱেম্বৰত ‘বিক্ৰম-এছ’ উৎক্ষেপণৰ পৰিকল্পনা আছিল ৷ কিন্তু বেয়া বতৰৰ বাবে সেইদিনা 'বিক্ৰম-এছ' উৎক্ষেপণ কৰিব পৰা নগ’ল আৰু ১৮ নৱেম্বৰত ৰকেটটো উৎক্ষেপণৰ ঘোষণা কৰে ষ্টাৰ্ট আপ স্কাইৰুট এৰোস্পেছে ।সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰাৰ পিছত বিক্ৰম-এছ ৮১ কিলোমিটাৰ উচ্চতাত উপনীত হ’ব । ভাৰতীয় মহাকাশ অভিযানৰ পিতৃ তথা প্ৰয়াত বিজ্ঞানী বিক্ৰম চাৰাভাইৰ নামেৰে এই ৰকেটৰ নামাকৰণ কৰা হৈছে । ‘প্ৰাৰম্ভ’ নামৰ এই অভিযানত দুজন দেশীয় আৰু এজন বিদেশী গ্ৰাহকৰ তিনিটা পেলোড কঢ়িয়াই নিব । বিক্ৰম-এছ চাব-অৰ্বিটেল উৰণখনে চেন্নাইৰ ষ্টাৰ্টআপ স্পেচ কিড্জ, অন্ধ্ৰপ্ৰদেশৰ ষ্টাৰ্টআপ এন-স্পেচ টেক আৰু আৰ্মেনিয়াৰ ষ্টাৰ্টআপ বাজুমকিউ স্পেচ ৰিচাৰ্চ লেবৰ তিনিটা পেলোড কঢ়িয়াই নিব ।
স্কাইৰুটৰ এজন বিষয়াই জনোৱা মতে, ছয় মিটাৰ উচ্চতাৰ এই ৰকেটটো ঘূৰ্ণনীয় স্থিৰতাৰ বাবে ৩-ডি প্ৰিণ্টেড কঠিন প্ৰপেলেণ্ট থকা বিশ্বৰ প্ৰথম ৰকেটৰ ভিতৰত অন্যতম । ভাৰতীয় মহাকাশ নিয়ন্ত্ৰক ইন-স্পেছে বুধবাৰে স্কাইৰুটৰ বিক্ৰম-এছ চাব-অৰ্বিটেল ৰকেটটো উৎক্ষেপণৰ অনুমতি প্ৰদান কৰে । ভাৰতৰ ব্যক্তিগত খণ্ডৰ বাবে এয়া এক বৃহৎ সাফল্য বুলি কয় ভাৰতীয় ৰাষ্ট্ৰীয় মহাকাশ প্ৰসাৰ আৰু অনুমোদন কেন্দ্ৰ (IN-SPACE)ৰ অধ্যক্ষ পৱন গোৱেংকাই। স্কাইৰুটক ৰকেট নিক্ষেপ কৰিবলৈ অনুমোদিত প্ৰথম ভাৰতীয় কোম্পানী হিচাপে পৰিগণিত হোৱাৰ বাবে তেওঁ অভিনন্দনো জনায় ।আনহাতে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতেন্দ্ৰ সিঙে ইছৰ’ৰ নিৰ্দেশনাত শ্ৰীহৰিকোটাৰ পৰা ‘স্কাইৰুট এৰ’স্পেচ’ৰ দ্বাৰা নিৰ্মিত প্ৰথমটো ব্যক্তিগত ৰকেট উৎক্ষেপণেৰে ভাৰতে ইতিহাস ৰচনা কৰিবলৈ সাজু হৈছে বুলি মন্তব্য কৰে । ইছৰোৰ অধ্যক্ষ এছ সোমনাথে চলিত মাহৰ আৰম্ভণিতে বেংগালুৰুত ‘প্ৰাৰম্ভ’ মুকলি কৰিছিল ।
Comments