গুৱাহাটী,১৮ নৱেম্বৰ:নেপালৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে অহা ৭২ ঘণ্টাৰ বাবে ইণ্ডো-নেপাল সীমান্ত বন্ধ ৰখাৰ সিদ্ধান্ত নেপাল চৰকাৰৰ । ভাৰত আৰু নেপালৰ বিষয়াসকলৰ মাজত এক উচ্চ পৰ্যায়ৰ বৈঠকৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । গণ্ডক বেৰেজ কোম্পানীৰ কমাণ্ডাৰ ইন্সপেক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে সদৰী কৰে এই তথ্য ।
এই সন্দৰ্ভত ৰাজেন্দ্ৰ প্ৰসাদে কয় যে নেপালৰ নৱালপাৰাচী জিলাৰ নিৰ্বাচন আয়ুক্তৰ পৰা বন্ধ সন্দৰ্ভত এখন পত্ৰ লাভ কৰা হৈছিল । যাৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰে । দেওবাৰে নিশা ৮ বজাত সীমান্ত মুকলি কৰা হ'ব বুলি জানিবলৈ দিয়ে প্ৰসাদে ।নিৰ্বাচন আয়োগৰ উপ-সচিব আৰু মুখপাত্ৰ কমল ভট্টাৰায়ে ভাৰতৰ গৃহ মন্ত্ৰণালয়লৈ এখন পত্ৰ লিখিছিল আৰু সেই বিষয়ে অৱগত কৰিছিল । এই সিদ্ধান্তৰ পিছত, ১৭ নৱেম্বৰৰ মাজনিশাৰ পৰা দুয়োখন দেশৰ মাজত ভ্ৰমণ কৰিবলৈ জনসাধাৰণক অনুমতি দিয়াটো বন্ধ কৰা হৈছে । ২০ নৱেম্বৰত নেপালত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ ।
Comments