গুৱাহাটী,১৮ নৱেম্বৰ:৫০ বছৰত ভৰি দিলে অসমবাসীৰ মৰমৰ শিল্পী জুবিন গাৰ্গে।১৯৭২চনৰ আজিৰ তাৰিখতে জন্মগ্ৰহণ কৰিছিল জুবিন গাৰ্গে।১৮ নৱেম্বৰ অৰ্থাৎ আজিৰ দিনটোতে মেঘালয়ৰ তুৰাত জন্মগ্ৰহণ কৰিছিল অসমৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ব গৰাকীয়ে।১৯৯২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত যুৱ মহোৎসৱত পাশ্চাত্য সংগীতত স্বৰ্ণ পদক অৰ্জন কৰাটোৱেই আছিল জুবিনৰ জীৱনৰ টাৰ্ণিং পইণ্ট।তেতিয়াৰ পৰাই অসমৰ সংগীতৰ জনগতখনত জুবিন গাৰ্গ হৈ পৰিল ধ্ৰুৱতৰা।
জুবিন গাৰ্গ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী, সংগীত পৰিচালক, গীতিকাৰ, চলচ্চিত্ৰ পৰিচালক তথা অভিনেতা।তেওঁ অসমীয়া, হিন্দী, বঙালী, বড়োকে ধৰি কেইবাটাও ভাষাত কণ্ঠদান কৰিছে।১৯৯২ চনত জুবিন গাৰ্গৰ প্ৰথম এলবাম অনামিকাই মুক্তিলাভ কৰিছিল।
২০০৭ চনত জুবিন গাৰ্গে লাভ কৰিছিল ৰজত কমল বঁটা। সুবিখ্যাত অসমীয়া চিনেমা পৰিযালিকা ৰীমা বৰাৰ ফিল্ম গণ্ড টেলিভিজন ইনষ্টিটিউটত অৱ ইণ্ডিয়াৰ পাঠ্যক্ৰমৰ ডিপ্ল’মা চিনেমা ‘Echoes of silence’ত কৰা সংগীত পৰিচালনাৰ বাবে লাভ কৰিছিল এই সন্মানীয় বঁটা।তুমি মোৰ মাথো মোৰ জুবিন গাৰ্গে অভিনয় আৰু পৰিচালনা কৰা প্ৰথমখন অসমীয়া চিনেমা।জুবিন গাৰ্গে এতিয়ালৈ ৩৭খন ছবিত সংগীত পৰিচালনা কৰাৰ লগতে ২২খন ছবিত কৰিছে অভিনয়।শিল্পীৰ পৃথিবীত জুবিন এজন অতি উচ্চ মানৰ শিল্পী। জুবিন হ’ল ৰং, ৰূপ, সুধা আৰু অপূৰ্ব কন্ঠৰে এজন বিখ্যাত শিল্পী!
Comments