Cartoon
View Older
গুৱাহাটী,২১ নৱেম্বৰ:গুৱাহাটী পৌৰ নিগনৰ নতুন নিয়ম।এতিয়াৰে পৰা গুৱাহাটীৰ ৰাজপথত চাইকেল চলালেও দিব লাগিব কৰ।চাইকেলৰ লগতে ঠেলা-ৰিক্সা চালকেও এতিয়াৰ পৰা চৰকাৰক বছৰেকীয়া কৰ দিব লাগিব।প্ৰতিখন চাইকেলৰ বাবদ গৰাকীয়ে দিব লাগিব ১০ৰ পৰা ৪০ টকা কৰ।লগতে প্ৰতিখন ৰিক্সাৰ বাবদ ৭০ টকাকৈ কৰ সংগ্ৰহ কৰিব গুৱাহাটী পৌৰ নিগমে।
শীঘ্ৰেই ৰাজধানী চহৰ গুৱাহাটীত প্ৰযোজ্য হ’ব এই নিয়ম।এই ক্ষেত্ৰেত মেয়ৰ মৃগেন শৰনীয়াই কয় যে ‘ লঘু যান-বাহনৰ ক্ষেত্ৰত যিটো মাছুল আছিলে সেই মাছুল আমি পুনৰ সংগ্ৰহ কৰিবলৈ সিদ্ধান্ত লৈছো। ইতিমধ্যে জিএমচিয়ে ইয়াক লৈ গাইড লাইন প্ৰস্তুত কৰিছে।ইয়াৰ পিছতেই এতিয়া মিশ্ৰিত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সাধাৰণ জনতাৰ মাজত।উল্লেখ্য যে, কিছুদিন পূৰ্বে থলোৱা খাদ্যত কৰ লগোৱাৰ পিছত এইবাৰ চাইকেল আৰু ৰিক্সা চালকে চৰকাৰক কৰ দিব লাগিব।
Comments