গুৱাহাটী, ২১ নৱেম্বৰ :যোৰহাট জিলা প্ৰশাসনে বিভিন্ন কাৰ্যসূচীৰে পালন কৰিছে লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী । সোমবাৰে যোৰহাট কছাৰী ময়দানত লাচিত বৰফুকনৰ প্ৰতি সন্মান জনাই এক প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে । দেশ-বিদেশৰ বিভিন্ন প্ৰজাতিৰ পশু-পক্ষীৰ লগতে উন্নত মানৰ বীজ আৰু প্ৰাকৃতিক উদ্ভিদ এই প্ৰদৰ্শনীত উপলব্ধ হৈছে ।
দেশ-বিদেশৰ লোকসকলক লাচিত বৰফুকন কোন আছিল আৰু কেনেদৰে অশুভ শক্তি নাশ কৰি অসমীয়া জাতিক ৰক্ষা কৰিছিল সেই বিষয়ে জনোৱাৰ উদ্দেশ্যৰে এই প্ৰদৰ্শনীৰ আয়োজন কৰাৰ হৈছে । উক্ত প্ৰদৰ্শনীত দেশ-বিদেশৰ কেইবাখনো বিপনিয়ে অংশগ্ৰহণ কৰিছে । উল্লেখযোগ্য যে, যোৰহাট জিলাৰ মেলেঙৰ হোলোঙাপাৰত থকা লাচিত মৈদামত প্ৰায় ১৫০ কোটি টকাৰ ব্যয় সাপেক্ষে লাচিত বৰফুকনৰ স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ কৰাৰ হ'ব ।
ইতিমধ্যে এই প্ৰকল্পৰ বাবে ভূমি অধিগ্ৰহণৰ লগতে ভূমিৰ গৰাকীক ২০ নৱেম্বৰত চেক প্ৰদান কৰাৰ হয় । উল্লেখনীয় যে, লাচিত বৰফুকনৰ জন্ম জয়ন্তী পালন কৰাৰ ক্ষেত্ৰত জিলাসমূহৰ মাজত এক প্ৰকাৰ অঘোষিত প্ৰতিযোগিতা সৃষ্টি হৈছে । আজি প্ৰদৰ্শনীমূলক বিপণীত জিলা প্ৰশাসনৰ উচ্চ প্ৰদস্থ বিষয়াসকলৰ লগতে জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মন আৰু ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা উপস্থিত থাকে ।
উল্লেখ্য যে, সমগ্ৰ ৰাজ্যতে সপ্তাহজোৰা কাৰ্যসূচীৰে পালন কৰা হৈছে লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী । এই উপলক্ষে চৰকাৰীভাৱে বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে । আনহাতে, ২৪ নৱেম্বৰত গুৱাহাটীৰ কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব কেন্দ্ৰীয় লাচিত দিৱসৰ অনুষ্ঠান ।ইফালে পোন প্ৰথমবাৰৰ বাবে অসমৰ বীৰ সেনানায়কজন দেশ তথা বিদেশত প্ৰতিষ্ঠা কৰাৰ উদ্যোগ লৈছে ৰাজ্য চৰকাৰে । তাৰ বাবে এইবাৰ লাচিত দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব দিল্লীত । দিল্লীৰ বিজ্ঞান ভৱনত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই কাৰ্যসূচী ।অহা ২৩ আৰু ২৪ নৱেম্বৰত লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তীৰ দিল্লীৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহ মন্ত্ৰী অমিত শ্বাহ, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণকে ধৰি ভাৰত চৰকাৰৰ বিভিন্ন বিষয়া । উক্ত কাৰ্যসূচীৰ বাবে যুদ্ধ গতিত প্ৰস্তুতি চলাইছে অসম চৰকাৰে ।
Comments