Cartoon
View Older
গুৱাহাটী,২১ নৱেম্বৰ:লখিমপুৰৰ বঙালমৰাত সোমবাৰে দিন দুপৰতে সংঘটিত হ’ল ডকাইতি কাণ্ড । এছবিআইৰ বঙালমৰা শাখাৰ সন্মুখত সংঘটিত হয় এই ডকাইতিৰ ঘটনা । বঙালমৰা আৰক্ষী চকীৰ পৰা মাত্ৰ ১০০ মিটাৰ নিলগতে উক্ত ডকাইতিৰ ঘটনা সংঘটিত হয় । পিষ্টল দেখুৱাই কাঢ়ি নিয়ে ৫ লাখ ৫০ হাজাৰ টকা ।
বঙালমৰাস্থিত ইণ্ডিয়ান অইলৰ ডিপোৰ মেনেজাৰ কমল সিঙে বেংকত টকা জমা দিবলৈ যোৱা অৱস্থাত হেলমেট পৰিধান কৰা দুজনকৈ অচিনাক্ত বাইক আৰোহীয়ে পিষ্টল দেখুৱাই লুটি নিয়ে টকাখিনি ।
Comments