Cartoon
View Older
গুৱাহাটী,২১ নৱেম্বৰ:এক চাঞ্চল্যকৰ ঘটনা।গুৱাহাটী মহানগৰীত দিন দুপৰতে সংঘটিত হ’ল গুলীচালনাৰ ঘটনা।পাঞ্জাবাৰীৰ পূৰৱী ডেইৰীৰ সমীপত গুলীচালনাৰ ঘটনা।বাইকত অহা দুৰ্বৃত্তই ৰঞ্জিত বৰা নামৰ এজন লোকক গুলীয়াই লুটি নিলে নগদ ধন।মূৰত গুলীবিদ্ধ হোৱা ৰঞ্জিত বৰাৰ জিএমচিত মৃত্যু।
গ্লেমাৰ বাইকত আছিল দুৰ্বৃত্ত।ৱেগ’নাৰ বাহনৰ ভিতৰত আছিল গুলীবিদ্ধ ৰঞ্জিত বৰা।বেংকত ধন জমা কৰিব আহোতে মূৰত গুলীয়াই কাহিলিপাৰৰ ৰঞ্জিত বৰা নামৰ লোকজনক।লগে লগে মহানগৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গুলীবিদ্ধ ৰঞ্জিত দাসক জিএমচিলৈ প্ৰেৰণ কৰে যদিও লোকজনৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে।ৰঞ্জিত বৰাৰ বাহনখনৰ নম্বৰ AS01 BH5022।পূৰবী ডেইৰীৰ বিতৰক আছিল ৰঞ্জিত বৰা।ঘটনা সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
Comments