গুৱাহাটী ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ নৱেম্বৰ ঃ প্ৰথিতযশা কণ্ঠশিল্পী ঊষা মংগেশকাৰক আজি অসম সাহিত্য সভাই চলিত বৰ্ষৰ ড॰ ভূপেন হাজৰিকাৰ সমন্বয় বঁটাৰে সন্মানিত কৰে৷ গুৱাহাটীৰ নেডফি হাউছ প্ৰেক্ষাগৃহত অনুষ্ঠিত এটা আড়ম্বৰপূৰ্ণ অনুষ্ঠানত আনুষ্ঠানিকভাৱে ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে তেওঁক এই বঁটা প্ৰদান কৰে৷
এই বঁটাৰ লগত পাঁচ লাখ টকাৰ চে’ক, স্মাৰক, অংগবস্ত্ৰ আৰু গ্ৰন্থৰ টোপোলা প্ৰদান কৰা হয়৷ আজি বিয়লি অসম সাহিত্য সভাৰ সভাপতি ড॰ কুলধৰ শইকীয়াৰ পৌৰোহিত্যত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত বঁটা প্ৰদান কৰি দিয়া ভাষণত ৰাজ্যপাল মুখীয়ে কয় যে বিশ্বৰত্ন ড॰ ভূপেন হাজৰিকাৰ প্ৰতি অসম সাহিত্য সভাই দেখুওৱা সহৃদয়তা সকলোৰে বাবে গৌৰৱৰ বিষয়৷
অধ্যাপক মুখীয়ে সুকণ্ঠী গায়িকা ঊষা মংগেশকাৰ এই বঁটাৰ বাবে নিৰ্বাচিত হোৱাটো আৰু গৌৰৱৰ কথা বুলি উল্লেখ কৰে৷ সভাপতি কুলধৰ শইকীয়াই অসম সাহিত্য সভাৰ ১০৫ বছৰীয়া যাত্ৰা কালৰ ভিন্ন ঘাত-প্ৰতিঘাতৰ বৰ্ণনা কৰি কয় যে অসমৰ ৰাইজৰ অন্তৰৰ অনুষ্ঠান হিচাপে অসম সাহিত্য সভাক ৰাইজে সমালোচনা কৰিবই৷
ৰাইজে কি ক’বলৈ বিচাৰিছে আমি বুজিবলৈ চেষ্টা কৰিব লাগিব বুলি তেওঁ মন্তব্য কৰে৷ বঁটা গ্ৰহণ কৰি ঊষা মংগেশকাৰে ড॰ ভূপেন হাজৰিকাৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে পুৰণি স্মৃতি ৰোমন্থন কৰি বক্তব্য আগবঢ়ায়৷ তেওঁ সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি দুটি অসমীয়া গীতৰ কলিও পৰিৱেশন কৰে৷
আজিৰ অনুষ্ঠানতে অসম সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত এখন তথ্যচিত্ৰ আৰু এখন গ্ৰন্থও উন্মোচন কৰা হয়৷ অনুষ্ঠানত নুমলীগড় শোধনাগাৰ লিমিটেডৰ পৰিচালন সঞ্চালক ভাস্কৰজ্যোতি ফুকন আৰু ভাৰতীয় ষ্টেট বেংকৰ মুখ্য মহাপ্ৰবন্ধক অৰবিন্দ কুমাৰ সিঙো উপস্থিত থাকে৷
উল্লেখযোগ্য যে নুমলীগড় শোধনাগাৰ লিমিটেডৰ সহযোগত ২০১৩ চনৰ পৰা প্ৰতি দুবছৰৰ মূৰে মূৰে এই বঁটা প্ৰদান কৰি অহা হৈছে৷ ইয়াৰ পূৰ্বে ড॰ ভূপেন হাজৰিকা আন্তৰ্জাতিক সমন্বয় বঁটা লাভ কৰা প্ৰখ্যাত ব্যক্তিসকল হ’ল– লুবনা মৰিয়ম [বাংলাদেশ-২০১৩], অদূৰ গোপালকৃষ্ণ [কেৰালা-২০২৫], প্ৰসন্ন ভিঠানাগে [শ্ৰীলংকা-২০১৭] আৰু এৰিক খু [ছিংগাপুৰ-২০১৯]৷
Comments