ডিফু ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ নৱেম্বৰ ঃ পশ্চিম কাৰ্বি আংলং জিলাৰ অসম-মেঘালয় সীমান্তত কালি বনদস্যুৰ দলৰ তাণ্ডৱৰ ফলত উদ্ভৱ হোৱা উত্তপ্ত পৰিস্থিতিত মেঘালয়ৰ পাঁচটা খাছি দুবৃৰ্ত্ত অসম আৰক্ষী আৰু বনৰক্ষীৰ গুলীত নিহত হয় আৰু কাৰ্বি আংলং জিলা বন বিভাগৰ এজন বনৰক্ষী নিহত আৰু আন এজন গুৰুতৰভাৱে আহত হয়৷
জিৰিকেন্দিং নামৰ অতি দুৰ্গম এই সীমান্ত অঞ্চলত খাছি দুবৃৰ্ত্তই দৈনিক কাৰ্বি আংলং জিলাত প্ৰৱেশ কৰি মূল্যৱান পাইন গছ কাটি অবৈধ ব্যৱসায় চলাই আহিছে৷
অসম আৰক্ষী আৰু বন বিভাগে সময়ে সময়ে বনদস্যুৰ বিৰুদ্ধে অভিযান চলায় আৰু কাঠৰ অবৈধ কুন্দাকে ধৰি সৰবৰাহ কৰা ট্ৰাক, ম’হ আদি জব্দ কৰি আহিছে৷ কালি সন্ধিয়া মেঘালয়ৰ দুষ্কৃতিকাৰীয়ে পশ্চিম কাৰ্বি আংলঙৰ জিৰিকেন্দিং আৰক্ষী থানাৰ অধীনৰ মুক্ৰ নামৰ ঠাইৰ পৰা চোৰাং কাঠ নিয়া এখন ট্ৰাক সীমান্তত জব্দ কৰে৷
তাৰ পাছত মেঘালয়ৰ পৰা দুই শতাধিক খাছি লোকে হাতে হাতে যাঠি, জোং, দা, বন্দুক লৈ অসমৰ আৰক্ষী আৰু বনৰক্ষীৰ দলক আক্ৰমণ কৰে৷ খাছি দুবৃৰ্ত্তৰ এই আক্ৰমণ প্ৰতিহত কৰিবলৈ আৰক্ষী আৰু বনৰক্ষীৰ দলটোৱে গুলীচালনা কৰাত মেঘালয়ৰ তিনিটা দুষ্কৃতিকাৰী ঘটনাস্থলীতে নিহত হয়৷
আনহাতে, মেঘালয়ৰ আক্ৰমণকাৰী দলটোৰ আক্ৰমণত বনকৰ্মী বিদ্যাছিং লেকথেৰ ঘটনাস্থলীতে মৃত্যু ঘটে৷ মেঘালয়ৰ নিহত দুষ্কৃতিকাৰী তিনিটা ক্ৰমে– থালচাদাপ [৪৫], নিকবি [৬৫] আৰু চিকতালাম [৫৫] বুলি চিনাক্ত কৰা হয়৷ আনহাতে আহত তালনাথিয়ামৰ বৰত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আৰু চিৰুপ তুমেৰ জোৱাই অসামৰিক চিকিৎসালয়ত মৃত্যু হয়৷
লক্ষণীয় কথাটো হ’ল যে মেঘালয়ৰ আক্ৰমণকাৰী দলটোৰ আক্ৰমণৰ পাছত গুলীচালনা কৰি ক্ৰমাৎ পিছুৱাই আহে বনৰক্ষীৰ দলটো৷ ইয়াৰ সুবিধা লৈ মেঘালয়ৰ আক্ৰমণকাৰীয়ে তিনিওটা মৃতদেহ আৰু আহত দুজনৰ লগতে কাৰ্বি আংলং জিলাৰ বনৰক্ষী লেকথেৰ মৃতদেহটোও মেঘালয়লৈ লৈ যায়৷
ইফালে, অতি দুৰ্গম অঞ্চলত ঘটা ঘটনাৰ সম্ভেদ লাভ কৰি জিৰিকেন্দিং আৰক্ষী আৰু পশ্চিম কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষকে আৰক্ষী দল ঘটনাস্থলীলৈ প্ৰেৰণ কৰে আৰু সীমান্তৰ বনৰক্ষীকে আদি কৰি অসমৰ সীমান্তবাসীক ঘটনাস্থলীৰ পৰা প্ৰায় ১০ কিল’মিটাৰ দূৰৈৰ মাকৈলুং উপ-আৰক্ষী চকীৰ নিৰাপদ স্থানলৈ লৈ আহে৷
আনহাতে নিশা হোৱাত পৰিস্থিতি সিমানতে অন্ত পৰে যদিও আজি পুনৰ উত্তপ্ত হৈ পৰে সীমান্ত অঞ্চল৷ মেঘালয়ৰ আহত আন দুজন লোকৰো মৃত্যু ঘটাত সীমান্তত উত্তেজনা বৃদ্ধি পায়৷
মেঘালয়ৰ দুষ্কৃতিকাৰীয়ে অসমৰ ভূমিত প্ৰৱেশ কৰি সীমান্তত থকা এটা বন শিবিৰত অগ্নি সংযোগ কৰাৰ লগতে তিনিখন বাইক আৰু এখন বলেৰ’ পিকআপ ভেন জ্বলাই দিয়ে৷ ইপিনে, ঘটনাত আহত অসমৰ বনৰক্ষী অভিমন্যু দাসে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি ট্ৰাকখন জব্দ কৰাৰ পাছতেই সীমান্তত দুই শতাধিক খাছি লোক গোট খায় আৰু এজন ৰাজনৈতিক নেতাও উপস্থিত হয়৷
তাৰ পাছতেই দলটোৱে আক্ৰমণ চলায়৷ পশ্চিম কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক আৰু আন উচ্ছপদস্থ আৰক্ষী বিষয়াই নিশাই ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদাৰক কৰে৷ আজি পুৱা মধ্যমণ্ডলৰ আৰক্ষী অধীক্ষক সত্যৰাজ হাজৰিকা, পশ্চিম কাৰ্বি আংলং জিলাৰ উপায়ুক্ত কৃষ্ণা বৰুৱাই সীমান্তলৈ গৈ তাত বাহৰ পতা বুলি জানিব পৰা গৈছে৷
ইপিনে, সীমান্তৰ এই ঘটনাৰ পাছতেই অসমৰ পৰা মেঘালয়লৈ প্ৰৱেশ কৰিব পৰা সকলো পথ বন্ধ কৰি দিয়ে অসম আৰক্ষীয়ে৷ বৰাক উপত্যকাৰ পৰা দৈনিক শ শ বাহন মেঘালয়ৰে অসমলৈ আহিব লাগে৷ সেয়ে সতৰ্কতামূলক ব্যৱস্থাৰূপে অসম আৰক্ষীয়ে সীমান্ত অঞ্চলৰ পৰা মেঘালয়লৈ প্ৰৱেশ কৰিব পৰা সকলো পথ বন্ধ কৰি দিছে৷
উল্লেখযোগ্য যে অসম আৰু মেঘালয়ৰ দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে ১২টা বিবদমান অঞ্চলৰ ভিতৰতে ৬টা অঞ্চল ইতিমধ্যে মীমাংসাৰে নিষ্পত্তি কৰিছে যদিও পশ্চিম কাৰ্বি আংলঙৰ এই সীমা মীমাংসাৰ ক্ষেত্ৰত তীব্ৰ আপত্তি দৰ্শাই আহিছে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ সকলো দল-সংগঠনে৷
যাৰ ফলত দীৰ্ঘদিনৰ পৰা এই সীমান্ত অঞ্চলক বিবদমান অঞ্চললৈ পৰিণত কৰিবলৈ সকলো প্ৰচেষ্টা চলাই আহিছে মেঘালয়ৰ দুষ্কৃতিকাৰীৰ লগতে ৰাজনৈতিক দল আৰু সংগঠনসমূহে৷ যোৱা ১২ নৱেম্বৰত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সীমান্তৰ উমৰুখুটি নামৰ অঞ্চলত বন বিভাগৰ এটা অতিথিশালাৰ আধাৰশিলা স্থাপন কৰিছিল৷
সন্ধিয়ালৈ সেই আধাৰশিলা মেঘালয়ৰ দুষ্কৃতিকাৰীয়ে সম্পূৰ্ণৰূপে ভাঙি তচনচ কৰি পেলায়৷ মেঘালয়ে সীমান্ত অঞ্চলত কাৰ্বি আংলং জিলাৰ বহু ভিতৰলৈ সোমাই আহি উন্নয়নমূলক আঁচনি গ্ৰহণ কৰি আহিছে আৰু পশ্চিম কাৰ্বি আংলং জিলা প্ৰশাসনে সময়ে সময়ে এই আঁচনিসমূহ ধবংস কৰি আহিছে৷
শেহতীয়াকৈ সীমান্ত অঞ্চলত জৰীপ চলাক লৈ ডিফুত এক প্ৰতিবাদী কাৰ্যসূচীও গ্ৰহণ কৰা হৈছিল৷ সীমান্ত অঞ্চলত যে এনে এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হ’ব সেই সন্দৰ্ভত সংবাদ মাধ্যমৰ লগতে সচেতন জনতা নিশ্চিত আছিল যদিও অজ্ঞাত কাৰণত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাছিল চৰকাৰ কিম্বা জিলা প্ৰশাসনে৷
মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীয়ে মেঘালয়ৰ ভিতৰলৈ সোমাই এই আক্ৰমণ সংঘটিত কৰাৰ লগতে মেঘালয়ৰ পাঁচজন বাসিন্দাক গুলীয়াই হত্যা কৰাৰ অভিযোগ তুলিছে৷ মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ এই অভিযোগৰ প্ৰত্যুত্তৰ কিন্তু কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ তথা অসম চৰকাৰে বৰ্তমানলৈকে দিয়া নাই৷
ঘটনাৰ তদাৰক কৰিবলৈ ঘটনাস্থলীত উপস্থিত হোৱা ডি আই জি সত্যৰাজ হাজৰিকাই সংবাদ মাধ্যমৰ আগত কয় যে পৰিস্থিতি এতিয়াও উত্তেজনাময় হৈ আছে আৰু দুয়োখন চৰকাৰে উচ্ছ পৰ্যায়ত এই সম্পৰ্কত আলোচনা চলাই আছে৷
সীমান্তবাসী অসমৰ ৰাইজৰ লগতে মেঘালয়বাসীকো শান্তি-শৃংখলা বৰ্তাই ৰাখিবলৈ আহ৩ান জনাইছে আৰক্ষী বিষয়াগৰাকীয়ে৷ সম্প্ৰতি সীমান্ত অঞ্চল আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ সম্পূৰ্ণ নিয়ন্ত্ৰণত আছে বুলি জানিব পৰা গৈছে৷
Comments