Cartoon
View Older
গুৱাহাটী,২২ নৱেম্বৰ:নিজকে অপৰাধ নিয়ন্ত্ৰণ আৰু দুৰ্নীতি নিবাৰক শাখাৰ লোক বুলি পৰিচয় দি ড্ৰাগছৰ বেহা চলাই অৱশেষত গ্ৰেপ্তাৰ হ'ল দুই পিতা পুত্ৰ । নগাঁৱৰ আজাদ নগৰত এটা ভাড়াঘৰত থাকি জামাল উদ্দিন খান আৰু প্ৰিঞ্চ খান নামৰ দুই পিতা পুত্ৰই নিজেও ড্ৰাগছ সেৱন কৰি অঞ্চলটোত একপ্ৰকাৰ সন্ত্ৰাস চলোৱাৰ অভিযোগ উত্থাপন হৈছে ।
উপায়ন্তৰ হৈ স্থানীয় লোক আৰু গাঁওৰক্ষী বাহিনীয়ে আটক কৰি সোমবাৰে সন্ধিয়া গতাই দিয়ে নগাঁও সদৰ আৰক্ষী থানাত । পিছত আৰক্ষীয়ে ৰাইজৰ অভিযোগৰ ভিত্তিত আটক কৰা ভুৱা অপৰাধ নিয়ন্ত্ৰণ আৰু দুৰ্নীতি নিবাৰক শাখাৰ দুয়োজনকে গ্ৰেপ্তাৰ কৰে ।
Comments