Cartoon
View Older
গুৱাহাটী,২২ নৱেম্বৰ:অসমৰ পৰিৱেশ কৰ্মী, হাড়গিলা বাইদেউ হিচাপে পৰিচিত ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ ৰাষ্ট্ৰসংঘৰ সন্মান।ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ পৰিৱেশ সন্মান- ‘চেম্পিয়ন অফ দ্যা আৰ্থ-২০২২’।
উল্লেখ্য যে, পূৰ্ণিমা দেৱী বৰ্মনে বিশ্বজুৰি বিপদাপন্ন প্ৰজাতি হাড়গিলাৰ সংৰক্ষণৰ বাবে কাম কৰি আহিছে।যাৰ বাবে তেওঁক হাড়গিলা বাইদেউ নামেৰে বিখ্যাত।ড০ পূৰ্ণিমা দেৱী বৰ্মনে ইতিমধ্যে ২০১৭ ত গ্ৰীণ অস্কাৰ বঁটা, ২০১৮ ত ভাৰত চৰকাৰৰ নাৰী শক্তি পুৰস্কাৰ লাভ কৰিছে।ড০ পূৰ্ণিমা দেৱী বৰ্মন বেচৰকাৰী প্ৰতিষ্ঠান অৰণ্যকৰ সৈতেও জড়িত।
Comments