গুৱাহাটী,২২ নৱেম্বৰ: অসম-মেঘালয় সীমান্তত আজি ৰাতিপুৱা সংঘটিত গুলীবৰ্ষণ কাণ্ডৰ ন্যায়িক তদন্ত ঘোষণা অসম চৰকাৰৰ । উচ্চ ন্যায়ালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ দ্বাৰা কৰোৱা হ’ব এই তদন্ত । তিনিমাহৰ ভিতৰত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ অসমৰ মুখ্যমন্ত্ৰীৰ ।মঙলবাৰে পুৱা মেঘালয়ৰ পশ্চিম জয়ন্তীয়া পাহাৰৰ মুক্ৰ’ অঞ্চলত সংঘটিত হৈছিল গুলীয়াগুলী ।
একাংশ দুষ্কৃতিকাৰীয়ে চোৰাং কাঠৰ ট্ৰাক লৈ যোৱা সময়তে অসম আৰক্ষীৰ দলৰ সৈতে সাংঘাতৰ সূত্ৰপাত ঘটে ।পৰৱৰ্তী সময়ত প্ৰায় ৩০০ স্থানীয় খাছি লোকে অসম আৰক্ষী তথা বন বিভাগৰ তহলদাৰী দলক আক্ৰমণ কৰিবলৈ খেদি আহে । ফলত গুলী চলাবলৈ বাধ্য হয় আৰক্ষীৰ দলটো । অসম আৰক্ষীৰ গুলীত পাঁচজন খাছি লোক নিহত হোৱাৰ বিপৰীতে বিপৰীত পক্ষৰ আক্ৰমণত নিহত হয় এজন অসম বনৰক্ষী জোৱান ।পৰৱৰ্তী সময়ত উত্তেজিত একাংশ লোকে জ্বলাই দিয়ে বনবিভাগৰ এটা কাৰ্যালয় ।বৰ্তমান শ্বিলঙলৈ সকলো পথতে অসমৰ পৰা যাতায়াত বন্ধ কৰি দিয়া হৈছে ।
Comments