শিৱসাগৰৰ এজন প্ৰতিবেদক আৰু জয়সাগৰৰ নিজা প্ৰতিবেদক, ২২ নৱেম্বৰ ঃ প্ৰসিদ্ধ কথা সাহিত্যিক ইমৰান শ্বাহে কাইলৈ সুদীৰ্ঘ চাৰিকুৰি ন বছৰীয়া বৰ্ণিল জীৱন পৰিক্ৰমাৰে ভৰি দিব ৯০সংখ্যক বছৰত৷
‘বনবাসী’ৰ পৰা ‘লিহিৰিবন’লৈ এক দীঘলীয়া সাহিত্য সৃষ্টিৰ পৰিক্ৰমা অতিক্ৰম কৰা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অসম উপত্যকা বঁটা, আজানপীৰ বঁটাপ্ৰাপক কথা সাহিত্যিক, পদ্মশ্ৰী ইমৰান শ্বাহৰ ওপজা দিনটোত কাইলৈ শিৱসাগৰ জিলা সাহিত্য সভাই অনুষ্ঠিত কৰিব বিশেষ অনুষ্ঠান৷
উল্লেখযোগ্য যে ১৯৩৩ চনৰ ২৩ নৱেম্বৰত শিৱসাগৰ নগৰৰ ধাইআলিত জন্মলাভ কৰা অসমীয়া ভাষা-সাহিত্যৰ অন্যতম পুৰোধা ইমৰান শ্বাহে কাইলৈ নব্বৈ বছৰত ভৰি দিও যেন চিৰ তৰুণ৷ মুখত মিচিকিয়া হাঁহি, পিন্ধনত বগা পাইজামা-বনিয়ন, হাতত কোৰ-খন্তি লৈ এইজন চিৰ তৰুণ আজিও ব্যস্ত হৈ পৰে বাৰীৰ ফুল-পাচলিৰ আপডাল কৰাত৷
এইগৰাকী চিৰ তৰুণ সাধকে এতিয়াও হাতত কলম লৈ নিয়মীয়াকৈ বহে সৃষ্টিৰ সাধনাত৷ অশীতিপৰ ইমৰান শ্বাহে নতুনৰ সন্ধান কৰে ইণ্টাৰনেটৰ মাধ্যমত৷ ইণ্টাৰনেটৰ বিশাল বুকুত সন্ধান কৰে নতুন নতুন গ্ৰন্থৰ৷ আনহাতে, এইগৰাকী সাহিত্যিকে পৰিকল্পিতভাৱে বাস্তৱ ৰূপ দিবলৈ গৈ আছে নতুন সৃষ্টিৰ৷
২০২১-ত ইমৰান শ্বাহে অসমীয়া পাঠকৰ হাতত তুলি দিলে একাধিক নতুন গ্ৰন্থ৷ কাইলৈ ওপজা দিনটোতে শিৱসাগৰ জিলা সাহিত্য সভাই দিনৰ ৰ-৩০ বজাৰ পৰা আয়োজন কৰিছে ‘ওপজা দিনৰ ওলগ’ অনুষ্ঠান৷ অনুষ্ঠানত জিলা সাহিত্য সভাৰ লগতে জিলাখনৰ শতাধিক অনুষ্ঠান-প্ৰতিষ্ঠানে কথাশিল্পীগৰাকীক জনাব জন্মদিনৰ ওলগ৷
আনহাতে, জিলাখনৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ইমৰান শ্বাহে ৰচনা কৰা কেইবাটাও কবিতা আৰু গীত পৰিৱেশনেৰে সাহিত্যিকগৰাকীক জনাব জন্মদিনৰ ওলগ৷
ঈশান দত্ত, বাবুল, অনামিকা বৰুৱা, অমিতাভ বৰুৱা আদি বিভিন্ন ছদ্মনামত গল্প, কবিতা, উপন্যাস, গীত, প্ৰবন্ধ আদি ৰচনা কৰা সাহিত্যিকগৰাকীয়ে সাহিত্য ক্ষেত্ৰত দীঘলীয়া পৰিক্ৰমা পাৰ কৰিও স্থবিৰ হৈ পৰা নাই৷
সংগীতৰ সিপাৰে, জোনাকৰ ছবি, তানসেন, অনমিতা, ক্ৰান্তিৰেখা, সাগৰিকা, জবানবন্দী, বন্ধ দুৱাৰ, ক্ৰীতদাসৰ হাঁহি, মোৰ ফুলনিৰ ফুল, সৃষ্টি-দৃষ্টি, কুকুহা, দোকমোকালিৰ দৰে বহুকেইখন গ্ৰন্থই প্ৰাণ পাইছে সাহিত্যিকগৰাকীৰ পৰিপুষ্ট চিন্তাত৷ ৰাইজৰ মৰমকে সৃষ্টিৰ সমল কৰি লৈ নিৰলে আগবাঢ়িছে এইগৰাকী কথা সাহিত্যিক৷
নৱম শ্ৰেণীত পঢ়ি থাকোঁতেই ‘বনবাসী’ৰ দৰে গ্ৰন্থ ৰচনা কৰা ইমৰান শ্বাহৰ মতে ‘আজিৰ দিনত অসমীয়া সাহিত্যৰ ভাল অৱস্থা৷ আজিৰ সাহিত্য ক্ষেত্ৰ নতুন নতুন সাহিত্যিকেৰে ভৰপূৰ৷’ তেওঁ নতুন প্ৰজন্মৰ প্ৰতি আহ্বান জনাই কয় – ‘সমাজ বা জীৱনৰ সকলো দিশ সলনি হৈছে৷
নতুন প্ৰজন্মই নতুন দিনৰ লগত খাপ খাই ল’ব লাগিব আৰু তাৰ বাবে প্ৰস্তুত হৈ কাম কৰি যাব লাগিব৷’ সম্প্ৰতি নতুন সৃষ্টিৰ লগতে পদ্মশ্ৰী ইমৰান শ্বাহ ব্যস্ত অনুবাদ কৰ্মত৷ সাহিত্যিকগৰাকীয়ে নিয়মীয়াকৈ অনুবাদ কৰি গৈছে দেশী-বিদেশী বিখ্যাত গল্পকাৰৰ গল্প৷
Comments