কলিয়াবৰ ঃ নিজা বাতৰি দিওঁতা, ২২ নৱেম্বৰ ঃ কলিয়াবৰৰ হাতীয়েখোৱাৰ চাৰিলেনযুক্ত পথত যোৱা নিশা সংঘটিত এটা ভয়াৱহ পথ দুৰ্ঘটনাত পাঁচজন যুৱকৰ মৃত্যু হয়৷ দুৰ্ঘটনাত নিহতকেইজন ক্ৰমে বোকাখাতৰ বিবেক দাস , সঞ্জয় দাস , সমীৰ পাল [২৫], বিকাশ শৰ্মা আৰু সন্দীপ পাল [২৭] বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷
এ এছ ০৫ কিউ ২৬৮৩ নম্বৰৰ অৰাৰা বাহনখন বোকাখাতৰ পৰা তীব্ৰ বেগত তেজপুৰ দিশে গৈ থকাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই কলিয়াবৰ-তেজপুৰ সংযোগী ৩৭ নং [ক] চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় পথত বিপৰীত দিশৰ পৰা আহি থকা ইউ পি ৩৭ এ টি ২৭৬৬ নম্বৰৰ মালবাহী ট্ৰাক এখনত প্ৰচণ্ড জোৰত খুন্দা মৰাৰ ফলত চাৰিচকীয়া বাহনখনত থকা পাঁচজন যুৱক নিহত হয়৷
ঘটনাৰ খবৰ পোৱাৰ পাছতেই ঘটনাস্থলীত চুলুং আৰু উলুৱনীৰ আৰক্ষী উপস্থিত হৈ বিধবস্ত হৈ পৰা গাড়ীখনত আবদ্ধ হৈ থকা যুৱককেইজনৰ মৃতদেহ স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ কৰে৷
ইফালে, ঘটনাৰ পাছতে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷ পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, যুৱককেইজন বোকাখাতৰ এখন বিয়াৰ বৰযাত্ৰী হিচাপে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিলৈ গৈ আছিল৷
Comments