মিৰ্জা ঃ নিজা বাতৰি দিওঁতা, ২২ নৱেম্বৰ ঃ ভাৰত আৰু জাপানৰ মাজত দক্ষতা বিকাশ ব্যৱস্থাপনা বিনিময়ৰ বাবে স্বাক্ষৰিত ‘সহযোগিতাৰ চুক্তি’ৰ অংশ হিচাপে কালি নতুন দিল্লীত থকা জাপান দূতাৱাসৰ এজন শীৰ্ষ বিষয়াৰ নেতৃত্বত এটা জ্ঝজনীয়া দল অসমত উপস্থিত হৈ
গুৱাহাটী মহানগৰীৰ পাশ্বৰ্ৱৰ্তী ৰাণীত অৱস্থিত অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ অধীনস্থ আঞ্চলিক পশুধন উদ্যমিতা আৰু ব্যৱস্থাপনা প্ৰতিষ্ঠানটো পৰিদৰ্শন কৰে৷
জাপানৰ কৃষি আৰু পশুধন জড়িত কেইবাটাও আগশাৰীৰ কোম্পানীৰ জ্জ জন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া, এজন চৰকাৰী বিষয়া আৰু ভাৰতত জাপান দূতাৱাসৰ প্ৰথম সচিব ইক’ ৱাটানেবৰ নেতৃত্বত অসমলৈ অহা দলটোক ভাৰত চৰকাৰৰ হৈ নেতৃত্ব দিয়ে ভাৰত চৰকাৰৰ দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰ্যালয়ৰ অধীনৰ নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগমৰ আঞ্চলিক সঞ্চালক ড॰ শীলাদিত্য সৰকাৰ আৰু জ্যেষ্ঠ বিষয়া আনছুল সিংঘানিয়াই৷
জাপানৰ প্ৰতিনিধি দলটোৱে ৰাণীৰ আঞ্চলিক পশুধন উদ্যমিতা আৰু ব্যৱস্থাপনা প্ৰতিষ্ঠানত উপস্থিত হৈ অসমৰ গ্ৰাম্য অৰ্থনীতিত প্ৰভূত বৰঙনি আগবঢ়াই অহা কৃষি খণ্ড আৰু পশুপালন ব্যৱস্থাপনা সন্দৰ্ভত ক্ষেত্ৰ অধ্যয়ন কৰাৰ লগতে কৃষি আৰু পশুপালন খণ্ডত জড়িত লোকসকলৰ দক্ষতা বৃদ্ধিৰ বাবে হাতত লোৱা পদক্ষেপৰ বুজ লয়৷
অসম চৰকাৰৰ হৈ ৰাণীৰ আঞ্চলিক পশুধন উদ্যমিতা আৰু ব্যৱস্থাপনা প্ৰতিষ্ঠানৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল ভৰদ্বাজে অসম চৰকাৰে পশুধন খণ্ডত কৃষকৰ উপৰি যুৱক-যুৱতী আৰু আনকি বিবাহত মহিলাসকলক স্বাৱলম্বী কৰি তুলিবলৈ হাতত লোৱা পদক্ষেপৰ সম্পৰ্কত ব্যাখ্যা আগবঢ়ায়৷
জাপানৰ প্ৰতিনিধি দলটোৱে প্ৰতিষ্ঠানখনত পশুপালকসকলৰ দক্ষতা বিকাশৰ বাবে থকা ব্যৱস্থাপনাৰ সম্পৰ্কত বুজ লোৱাৰ লগতে প্ৰতিষ্ঠানখনত পশুপালন ক্ষেত্ৰ সহায়কৰ প্ৰশিক্ষণ লৈ থকা প্ৰশিক্ষাথীৰ্সকলৰ লগতো মত বিনিময় কৰে৷
ইপিনে ক্ষেত্ৰ পৰিদৰ্শনৰ অন্তত জাপানৰ প্ৰতিনিধি দলটোৱে সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে অসমৰ পশুপালন খণ্ডত ভাৰত আৰু জাপানৰ মাজত চলি থকা দক্ষতা বিকাশ বিনিময় কাৰ্যসূচীৰ অংশ হিচাপে জাপানৰ পশুপালন খণ্ডত অসমৰ দক্ষ ব্যক্তিক কৰ্ম সংস্থাপন দিয়াৰ কথাটো তেওঁলোকে বিবেচনা কৰিব৷
উল্লেখযোগ্য যে প্ৰতিষ্ঠানখনত জাপানৰ প্ৰতিনিধি দলটো উপস্থিত হোৱাৰ লগে লগে ফুলাম গামোচা আৰু ফুলৰ থোপাৰে আদৰণি জনোৱা হয়৷ অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ কেইবাগৰাকী জ্যেষ্ঠ বিষয়া, চিকিৎসক আৰু প্ৰশিক্ষকৰ লগতে বিভাগটোৰ সঞ্চালিকা ইন্দিৰা আৰ কলিতাও এই কাৰ্যসূচীত উপস্থিত থাকে৷
Comments