যোৰহাট ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ নৱেম্বৰ ঃ কেলিফৰ্নিয়াৰ স্বাস্থ্য আৰু মানৱ সেৱা তথা বিকাশ সংস্থাৰ তৰফৰ পৰা ড॰ ৰূপম শৰ্মাক উচ্ছ পদমৰ্যদাসম্পন্ন মুখ্য প্ৰযুক্তি বিষয়াৰূপে নিযুক্ত কৰা হৈছে৷
বিশ্বজুৰি এপ’ল’ আৰু অন্যান্য কোম্পানীত জ্যেষ্ঠ প্ৰবন্ধকৰূপে সুদীৰ্ঘ ২৫ বছৰীয়া অভিজ্ঞতাপুষ্ট ড॰ শৰ্মাক স্বাস্থ্যসেৱা, কৃত্ৰিম বুদ্ধিমত্তা আৰু গৱেষণাৰ প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰখনক নেতৃত্ব প্ৰদানৰ বাবে বাছনি কৰা হৈছে৷ ছাত্ৰ হিচাপে ৰূপম শৰ্মাই অসমত থকা কালত যোৰহাট আৰু গোলাঘাটৰ চৰকাৰী বালক বিদ্যালয়, জগন্নাথ বৰুৱা মহাবিদ্যালয়, যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় আদিত শিক্ষাগ্ৰহণ কৰিছিল৷
আমেৰিকালৈ প্ৰব্ৰজনৰ পাছত তেওঁ কম্পিউটাৰ বিজ্ঞানত স্নাতকোত্তৰ, মেনেজমেণ্ট×ত স্নাতকোত্তৰ তথা জৰ্জ ৱাছিংটন বিশ্ববিদ্যালয়ৰ পৰা কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰে৷ চৰকাৰী ব্যৱস্থাৰ আধুনিকীকৰণ, ৰোগ নিয়ন্ত্ৰণ বিষয়ক স্বাস্থ্য গৱেষণা, বিশেষভাৱে সক্ষমসকলৰ বাবে স্বাস্থ্য সম্পৰ্কীয় সেৱাবিধি আদি ক্ষেত্ৰত ড॰ শৰ্মাৰ অৱদানে মানুহৰ জীৱনত বিশেষ প্ৰভাৱ পেলাব৷
বহুমুখী প্ৰতিভাৰ গৰাকী ড॰ ৰূপম শৰ্মা আন্তঃৰাষ্ট্ৰীয়ভাৱে সন্মানিত ইউনেস্ক’ৰ ৰাষ্ট্ৰদূত, সংগীতজ্ঞ-প্ৰযোজক, কবি তথা এগৰাকী গীনিজ ৱল্ডৰ্ ৰেকৰ্ডছৰ অধিকাৰী৷
বিলব’ৰ্ড ৱল্ডৰ্ মিউজিক চাৰ্টৰ প্ৰথম স্থানপ্ৰাপ্ত তথা তেওঁৰ আন উল্লেখযোগ্য প্ৰকল্পসমূহৰ ভিতৰত ৱান লিট্ল ফিংগাৰ (One Little Finger), ইন ছাৰ্চ অব্ গড (In Search of God), এৰাইজ টুগেডাৰ (Arise Together) আদিয়ে বিশ্বজুৰি বিশেষভাৱে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷
ড॰ শৰ্মাই প্ৰতিষ্ঠা কৰা ৱান লিট্ল ফিংগাৰ গ্ল’বেল ফাউণ্ডেশ্যনে (One Little Finger Global Foundation) বিশ্বজুৰি বিশেষভাৱে সক্ষমসকল, পিছপৰা শ্ৰেণীৰ শিশু আদিক শিক্ষা গৱেষণা, শাৰীৰিক বিকাশ আদিৰ ক্ষেত্ৰত সহায় কৰি আহিছে৷
Comments