Cartoon
View Older
গুৱাহাটী,২৩ নৱেম্বৰ: পশ্চিম কাৰ্বি আংলঙৰ মেঘালয় সীমান্তৰ বিস্ফোৰক পৰিস্থিতিয়ে দুয়োখন ৰাজ্য উত্তপ্ত কৰি তোলিছে । মঙলবাৰে পুৱতি নিশা সংঘটিত হোৱা গুলীচালনাৰ ঘটনাত 8 জন খাচী লোকৰ মৃত্যু হোৱাৰ লগতে অসমৰ এজন বনকৰ্মী নিহত হৈছিল । এই ঘটনাৰ পাছতে মেঘালয়ৰ পৰিস্থিতি উত্তপ্ত হৈ পৰিছে । অসম-মেঘালয় সীমান্তৰ শেহতীয়া ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।
তেওঁ কয় যে বিজেপি শাসনত চুবুৰীয়া ৰাজ্যৰে অসমৰ সম্পৰ্ক তিক্ততাপূৰ্ণ হৈ পৰিছে । মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে অসম পুলিচক ধমক দিয়াৰ সাহস ক’ত পালে বুলি প্ৰশ্ন কৰি তেওঁ কয় যে মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে বিজেপিক ভাল নাপায় । যিকোনো সময়ত মেঘালয়ৰ মুখ্যমন্ত্ৰী 'নেডা'ৰ পৰা ওলাই যাব পাৰে ।
Comments