গুৱাহাটী, ২৩ নৱেম্বৰঃ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা চমুকৈ নিয়াই মিজোৰামৰ টিপাত বিস্ফোৰক সামগ্রী উদ্ধাৰৰ সৈতে জড়িত আন এজন অভিযুক্তক আটক কৰিবলৈ সক্ষম হৈছে। মঙলবাৰে এক চৰকাৰী বিবৃতিত কেন্দ্ৰীয় সংস্থাটোৱে জনায় যে, অভিযুক্তজনক বৈভাকৱন আৰক্ষী থানাৰ সীমাৰ অধীনৰ আইজলৰ বাসিন্দা ৫৪ বছৰীয়া লালৰিংচাংগা বুলি চিনাক্ত কৰা হৈছে। এই গোচৰটো ২,৪২১ কিলোগ্ৰাম বিস্ফোৰক সামগ্রী, ১,০০০ ডিটোনেটৰ আৰু ৪,৫০০ মিটাৰ ডিটোনেটিং ফিউজ, ৭৩,৫০০ টকাৰ ভাৰতীয় মুদ্ৰা আৰু এখন বাহনৰ পৰা ৯,৩৫,৫০০ কিয়াটৰ ম্যানমাৰ মুদ্ৰা আৰু তিনিজন লোকক গ্ৰেপ্তাৰ কৰা-চাংকিমা (ম্যানমাৰ), এমচিলুংৰুয়ানিয়ানিয়াং, লাললুংগুয়ানিয়া আৰু লালথেয়াংৰ সৈতে সম্পৰ্কিত।
নিয়াই লগতে জানিবলৈ দিয়ে যে বিস্ফোৰক পদাৰ্থ আইন, ১৯০৮ ৰ ধাৰা ৫ আৰু বিদেশী আইন, ১৯৪৬ৰ ধাৰা ১৪ ৰ অধীনত চলিত বৰ্ষৰ ২১ জানুৱাৰীত টিপা আৰক্ষী থানাত গোচৰ পঞ্জীয়ন কৰাৰ দুমাহ পিছত এই বছৰৰ ২১ মাৰ্চত গোচৰটো পুনৰ পঞ্জীয়ন কৰা হয়।
Comments