গুৱাহাটী, ২৩ নৱেম্বৰ:পুনৰ বিতৰ্কৰ আৱৰ্তত লখিমপুৰ মেডিকেল কলেজ হস্পিটেল । মঙলবাৰে নিশা এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্র কৰি বিতৰ্কৰ মাজত সোমাই পৰে মেডিকেল কলেজখন । লখিমপুৰ মেডিকেল কলেজ হস্পিটেলত চিকিৎসাৰ অভাৱত এজনৰ মৃত্যু হোৱাৰ অভিযোগ উঠিছে ।
উল্লেখ্য, ICU-ত ভৰ্তি কৰাৰ সময়ত হাস্পতালখনৰ নাৰ্ছে চাহ খাবলৈ ধন বিচৰাৰ অভিযোগ উঠিছে । কিন্তু চাহ খাবলৈ দাবী কৰা ধন নিদিয়াৰ বাবেই ভালদৰে চিকিৎসা নকৰাৰ বাবে ৰোগীগৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ কৰিছে পৰিয়ালৰ লোকে । আনহাতে, ৰোগীৰ ওপৰত বৰ্বৰ অত্যাচাৰ কৰাৰো অভিযোগ কৰিছে পৰিয়ালৰ লোকে ।অভিযোগ অনুযায়ী ৰোগীক ৰছীৰে বান্ধি চিকিৎসা কৰিছিল । এই অভিযোগ উত্থাপন কৰিছে হেম শইকীয়া নামৰ ৰোগীজনৰ পৰিয়ালে । উল্লেখ্য, লখিমপুৰ নগৰ এলেকাৰ বিজয় নগৰৰ হেম শইকীয়াক উচ্চ ৰক্তচাপত আক্রান্ত হোৱাৰ বাবে মঙলবাৰে নিশা লখিমপুৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয় ।
কিন্তু হাস্পতালত ভৰ্তি কৰোৱাৰ কিছু সময়ৰ পাছতে তেওঁৰ মৃত্যু হয় । ৰোগীজনৰ মৃত্যু সন্দৰ্ভত পৰিয়ালৰ লোকৰ অভিযোগ, নাৰ্ছক চাহ খাবলৈ টকা নিদিয়াৰ বাবে ভালদৰে চিকিৎসা কৰা নাছিল । কিন্তু পৰিয়ালৰ এই অভিযোগ নস্যাৎ কৰিছে লখিমপুৰ মেডিকেল কলেজ হস্পিটেলৰ অধীক্ষকজনে । উচ্চ ৰক্তচাপত গুৰুতৰভাৱে আক্রান্ত হেম শইকীয়া নামৰ ৰোগীজনক মঙলবাৰে নিশা হাস্পতালত ভৰ্তি কৰোৱাৰ পাছত পৰ্যাপ্ত চিকিৎসা দিয়া বুলি কয় অধীক্ষক নিখিল কাকতিয়ে ।
বিভাগীয় নিয়ম মতে পঞ্জীয়ন মাচুলৰ বাহিৰে চাহ খাবলৈ টকা বিচৰাটো গোকাট মিছা বুলিও কয় অধীক্ষকজনে ।উল্লেখ্য, সময়ে সময়ে অসমৰ চৰকাৰী চিকিৎসালয়সমূহত নাৰ্ছ তথা চিকিৎসাকৰ্মীয়ে ৰোগীৰ অভিভাৱকৰ পৰা ধনদাবী কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে । কিছুদিন পূৰ্ব মঙলদৈ অসামৰিক চিকিৎসালয়তো সন্তান জন্মৰ পিছত পিতৃৰ পৰা চাহ খোৱাৰ নামত নাৰ্ছে ধনদাবী কৰাৰ অভিযোগ উত্থাপন কৰিছিল এগৰাকী ব্যক্তিয়ে । আনকি ধন বিচৰাৰ এটা ভিডিঅ' বিভিন্ন মাধ্যমতো বিয়পি পৰিছিল ।
Comments