গুৱাহাটী, ২৩ নৱেম্বৰঃছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগত শ্ৰেণী কোঠাৰ ভিতৰতেই জোতা, চেণ্ডেলেৰে গুৰুলা-গুৰুলকৈ এজন শিক্ষকক প্ৰহাৰ ক্ষুদ্ধ অভিভাৱকৰ।চিৰাঙৰ বাসুগাঁওস্থিত ৰজা অজিত নাৰায়ণ দেৱ গাৰ্লচ এম ই স্কুলত সংঘটিত হৈছে এই ঘটনা।
ঘটনা সন্দৰ্ভত জানিব পৰা মতে,অভিযোগ অনুসৰি, যোৱা ২১ তাৰিখত ৰজা অজিত নাৰায়ণ দেৱ ছোৱালী এম ই স্কুলৰ হিন্দী বিভাগৰ শিক্ষক দীপক ভগতে শ্ৰেণীকোঠাতে সপ্তম শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰীৰ শ্লীলতাহানিৰ চেষ্টা কৰে।
পিছত পৰিয়ালৰ লোকে ছাত্ৰী গৰাকীৰ মুখেৰে এই কথা জানিব পৰাত আজি বিদ্যালয় খনত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়।উত্তেজিত ৰাইজে শিক্ষকজনক জোতা, চেণ্ডেলেৰে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে।
ক্ষুদ্ধ ৰাইজে শিক্ষক গৰাকীয়ে পৰিধান কৰা কাপোৰ ফালি ছিৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।অৱশেষত বাসুগাঁও থানাৰ আৰক্ষীৰ দলে বিদ্যালয় খনত উপস্থিত হৈ শিক্ষক গৰাকীক আটক কৰি থানালৈ লৈ যায়।
Comments