গুৱাহাটী ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ নৱেম্বৰ ঃ ৰাজ্যৰ ৰাজধানী গুৱাহাটীত এতিয়া সাধাৰণ জনতাৰ নিৰাপত্তা নোহোৱা হৈছে৷ ৰাজ্যৰ সবাতোকৈ সুৰক্ষিত বুলি ভবা গুৱাহাটী এতিয়া অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে৷ দুদিন পূৰ্বে পাঞ্জাবাৰীত পূৰৱী ডায়েৰীৰ বিতৰক ৰঞ্জিত বৰাক দিন-দুপৰতে গুলীয়াই হত্যা কৰি লগত থকা ধন লুট কৰি নিয়াৰ পাছত আজি গণেশগুৰিৰ নয়নপুৰত থকা ড’মিনজত তিনি দুৰ্বৃত্তই নিৰাপত্তাৰক্ষীক বান্ধি ডকাইতি কৰাৰ চেষ্টা কৰে৷
উল্লেখযোগ্য যে কেৱল অক্টোবৰ মাহটোতে গুৱাহাটীত ১৭টাকৈ অপৰাধজনিত ঘটনা সংঘটিত হোৱাৰ তথ্য দিছে মহানগৰ আৰক্ষীয়ে৷ আনহাতে, চলিত মাহত এইপৰ্যন্ত জ্জ্বটাকৈ লুটপাত আৰু হত্যাকাণ্ড সংঘটিত হৈছে ৰাজধানী মহানগৰখনত৷ লক্ষণীয় যে গুৱাহাটীত সংঘটিত অপৰাধজনিত ঘটনাত শেহতীয়াকৈ অধিক পৰিমাণে মাৰণাস্ত্ৰ ব্যৱহাৰ হোৱা কথাই নাগৰিকক অধিক শংকিত কৰি তুলিছে৷
ইফালে পাঞ্জাবাৰীত দুদিন পূৰ্বে দুৰ্বৃত্তই গুলীয়াই হত্যা কৰি পূৰৱী ডায়েৰীৰ বিতৰক ৰঞ্জিত বৰাৰ পৰা আঢ়ৈ লাখ টকা লুট কৰা ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে যদিও আৰক্ষীয়ে আজিলৈকে হত্যাকাৰীৰ কোনো ক্লু লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ আৰক্ষীয়ে ইতিমধ্যে গুৱাহাটীৰ বিভিন্ন স্থানৰ ট্ৰেফিক পইণ্টসমূহত থকা চি চি টিভি কেমেৰাৰ ফুটেজ সংগ্ৰহ কৰিছে৷ ঘটনাস্থলীৰ কাষৰ কেইবাটাও স্থানত থকা চি চি টিভি কেমেৰাৰ ফুটেজো সংগ্ৰহ কৰি পৰীক্ষা কৰি আছে৷
আৰক্ষীয়ে দুবৃৰ্ত্তৰ ভিডিঅ’ লাভ কৰিছে যদিও ফুল মাস্ক হেলমেট পৰিধান কৰি থকাৰ বাবে চিনাক্ত কৰাত সমস্যাৰ সন্মুখীন হৈছে৷ ইফালে আৰক্ষীয়ে অন্য পদ্ধতিৰে তদন্তও অব্যাহত ৰাখিছে৷ এই ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত ঘটনাৰ দিনাই নিশা ঘটনাস্থলীৰ মুখতে থকা বোম্বে হাইটছ নামৰ ৰেস্তোৰাঁখনৰ দুই কৰ্মচাৰীক সোধা-পোছাৰ বাবে আটক কৰিছিল যদিও ঘটনাৰ সৈতে তেওঁলোকৰ কোনো সম্পৰ্ক নথকাৰ বাবে তেওঁলোকক পাছত এৰি দিয়া হয়৷ আৰক্ষীয়ে হত্যাকাৰীৰ সন্ধানত অনুসন্ধান অব্যাহত ৰাখিছে৷
আনহাতে, আজি পুৱতি নিশা গুৱাহাটীৰ গণেশগুৰিৰ নয়নপুৰত থকা ডমিন’জত ডকাইতি কৰাৰ চেষ্টা কৰা হয়৷ পুৱতি নিশা প্ৰায় চাৰে চাৰি বজাত প্ৰতিষ্ঠানখনত তিনিটা দুৰ্বৃত্তই প্ৰৱেশ কৰি নিৰাপত্তাৰক্ষীজনৰ হাত-ভৰি-মুখ বান্ধি লুটপাত কৰাৰ চেষ্টা কৰে৷ প্ৰতিষ্ঠানটোৰ এটা কোঠাত থকা টুলবক্স উলিয়াই তাৰ সামগ্ৰীৰে লকাৰ ভঙাৰ বাবে চেষ্টা কৰিছিল যদিও তেনে কৰিবলৈ দলটো বিফল হয়৷
লকাৰত প্ৰায় ১৫ হাজাৰ টকা আছিল আৰু সেয়া সুৰক্ষিতভাৱে থকা বুলি পাছত প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰীয়ে প্ৰকাশ কৰে৷ আনহাতে, লুট কৰিব নোৱাৰি ঘটনাস্থলীৰ পৰা আঁতৰি যোৱা দুৰ্বৃত্তৰ দলে নিৰাপত্তাৰক্ষীজনক বন্ধা অৱস্থাতে এৰি থৈ যায়৷ তেওঁ তেনেকৈয়ে মজিয়াত পৰি থাকে আৰু পুৱা জ্ঝ বজাৰ পাছত এগৰাকী কৰ্মচাৰীয়ে প্ৰতিষ্ঠানত প্ৰৱেশ কৰাৰ পাছতহে নিৰাপত্তাৰক্ষীজনক মুকলি কৰি দিবলৈ সক্ষম হয়৷
ইফালে আৰক্ষীয়ে ঘটনাৰ প্ৰাথমিক তদন্তত লুটপাতৰ ঘটনাত প্ৰতিষ্ঠানৰে কোনো কৰ্মচাৰী জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে৷ আৰক্ষীয়ে প্ৰতিষ্ঠানৰ চি চি টিভি ফুটেজ সংগ্ৰহৰ চেষ্টা কৰিছিল যদিও যোৱা আগষ্ট মাহৰ পৰাই প্ৰতিষ্ঠানখনৰ চি চি টিভি কেমেৰা বেয়া হৈ থকা বুলি জানিব পৰা গৈছে৷ আনহাতে, যোৱা প্ৰায় এটা বছৰে প্ৰতিষ্ঠানৰ দুৱাৰখনো বিকল হৈ থকা বাবে এবছৰে তলা নলগোৱাকৈয়ে চলি আছিল৷
Comments