গুৱাহাটী ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ নৱেম্বৰ ঃ পশ্চিম কাৰ্বি আংলঙৰ অসম-মেঘালয় সীমান্তৰ মুক্ৰত সংঘটিত ঘটনাৰ তদন্তৰ দায়িত্ব চি বি আইক অপৰ্ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে৷ আজি নতুন দিল্লীৰ অসম হাউছতমুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়৷
আনহাতে, উক্ত ঘটনাৰ সন্দৰ্ভত প্ৰাক্তন ন্যায়াধীশ ৰুমী ফুকনৰ নেতৃত্বত গঠিত আয়োগক ন্যায়িক তদন্তৰ ভাৰ অৰ্পণ কৰিছে কেবিনেটে৷ প্ৰথমবাৰৰ বাবে ৰাজ্যৰ বাহিৰত অনুষ্ঠিত এই কেবিনেট বৈঠকৰ অন্তত তিনি পিঠিৰ পৰা সাংবাদিকৰ আগত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কয় যে আজিৰ কেবিনেটে সীমান্তত সংঘটিত ঘটনাক গৰিহণা দিয়াৰ লগতে দুঃখ প্ৰকাশ কৰিছে৷
যিহেতু দুখন ৰাজ্যৰ মাজত এই ঘটনা সংঘটিত হৈছে সেয়েহে কেবিনেটে এই ঘটনাৰ তদন্তৰ ভাৰ চি বি আইক অৰ্পণ কৰাৰ সিদ্ধান্ত লৈছে৷ একেদৰে ন্যায়িক তদন্তৰ ভাৰ প্ৰাক্তন ন্যায়াধীশ ৰুমী ফুকনক প্ৰদান কৰিছে৷
ফুকনে ৬০ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব লাগিব৷ ইফালে, সীমান্তত যাতে এনেধৰণৰ ঘটনা পুনৰ সংঘটিত নহয় তাৰ বাবে ৰাজ্য চৰকাৰখনে পদক্ষেপ গ্ৰহণ কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে আৰক্ষী আৰু বন বিভাগক সীমান্তত এনে ঘটনা প্ৰতিৰোধৰ বাবে এখন এছ অ’ পি প্ৰস্তুত কৰাৰ নিৰ্দেশ দিয়া হৈছে৷
প্ৰথমে গুলীওৱাৰ পৰিৱৰ্তে ৰাবাৰ বুলেট আদি ব্যৱহাৰ কৰিব পাৰি নেকি এই সন্দৰ্ভত এছ অ’ পিখনত সবিশেষ উল্লেখ থাকিব৷ প্ৰণিধানযোগ্য যে আজিৰ কেবিনেটত আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়৷ সেই অনুসৰি ২০২৩ চনৰবন্ধৰ তালিকাত কেবিনেটে অনুমোদন জনায়৷
২০২৩ চনত ৩৮টা চৰকাৰী বন্ধ, ৩০টা সীমিত বন্ধ আৰু দুটা অৰ্ধ ছুটী থাকিব৷ একেদৰে তিতাবৰত থকা ৰেচম মহাবিদ্যালয়ৰ বাবে ২২.৪১কোটি টকা, ঐতিাহিসিক জোঙালবলহু গড়ৰ সুৰক্ষা তথা উক্ত ঐতিহাসিক ক্ষেত্ৰখনক পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে ৫০ কোটি টকা,
ৰাজ্যখনত নতুনকৈ দুই হাজাৰ অংগনৱাড়ী কেন্দ্ৰ স্থাপনৰ বাবে ৫০০ কোটি টকা আৰু গুৱাহাটী-উত্তৰ গুৱাহাটীক সংযোগ কৰি ব্ৰহ্মপুত্ৰত নিমাৰ্ণ কৰি থকা দলংখনৰ সৈতে সংযুক্ত কৰি গৌৰীপুৰ তিনিআলিলৈকে ছয়লেনযুক্ত পথ নিমাৰ্ণৰ বাবে ৩৩২.৫৪টা কেবিনেটে অনুমোদন জনায়৷
মন কৰিবলগীয়া যে আজিৰ কেবিনেটে ব্যাৱসায়িক ভিত্তিত বনানিকৰণৰ ক্ষেত্ৰতো এক সিদ্ধান্ত গ্ৰহণ কৰে৷ সেই অনুসৰি এতিয়াৰে পৰাই চেগুন, শাল আদি গছ ৰুইও জনসাধাৰণে ব্যৱসায় কৰিব পাৰিব৷ এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে নতুন নীতি-নিয়ম বলৱৎ কৰিব৷
মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই প্ৰকাশ কৰা মতে, বনানিকৰণৰ ক্ষেত্ৰত ৰাইজক উৎসাহিত কৰিবৰ বাবে কিছুমান নীতি-নিয়ম সলনি কৰা হৈছে৷ এতিয়াৰ পৰা সংৰক্ষিত বনাঞ্চলৰ পৰা পাঁচ কিল’মিটাৰ ব্যাসাৰ্ধৰ বাহিৰত থকা যিকোনো লোকে ঘৰত থকা চেগুন, শাল, হোলোং আদি গছ কাটিব পাৰিব৷
কটাৰ সময়ত তেওঁলোকে সংশ্লিষ্ট বিভাগৰ পৰা মাত্ৰ অনুমোদন ল’ব লাগিব৷ যদিহে বিভাগে অনুমোদন নিদেয়েও তেনেহ’লে ৪৮ ঘণ্টাৰ ভিতৰত গছ কাটিব পাৰিব৷ সেইদৰে সংৰক্ষিত বনাঞ্চলৰ পৰা ০১ পৰা প্ত কিল’মিটাৰ ভিতৰত থকা লোকসকলে এনেধৰণৰ গছ কটাৰ সময়ত অনুমোদন লওঁতে সংশ্লিষ্ট বিভাগেচৰজমিন কৰি ২৭ দিনৰ ভিতৰত অনুমোদন জনাব লাগিব৷
Comments