নাজিৰা ঃ বিশেষ প্ৰতিবেদক, ২৩ নৱেম্বৰ ঃ কাৰ্বি আংলং জিলাৰ অসম-মেঘালয় সীমান্তত উদ্ভৱ হোৱা বিস্ফোৰক পৰিস্থিতিৰ উপশম নৌহওঁতেই এইবাৰ অসম-নগালেণ্ড সীমান্তৰ শিৱসাগৰ জিলাৰ নাজিৰাৰ বিহুবৰ ঔগুৰিজানত সশস্ত্ৰ নগা আৰক্ষীয়ে অসমৰ ভূ-খণ্ডত থকা অসমীয়াৰ কেইবাখনো দোকান জে চি বিৰে ভাঙি চূৰ্ণাকৃত কৰা ঘটনাই অসমৰ সৈতে থকা সীমান্তৰ পৰিস্থিতি অধিক স্পৰ্শকাতৰ কৰি তুলিছে৷
উল্লেখযোগ্য যে আজি পুৱা অসমৰ ভূমিত পুনৰ চলিছে নগাৰ আগ্ৰাসন৷ নাজিৰাৰ বিহুবৰৰ ঔগুৰিজানত আজি পুৱাই জে চি বি লগাই নগা আৰক্ষীয়ে ভাঙি তহিলং কৰিলে অসমীয়া লোকৰ কেইবাখনো দোকান৷ ঘটনাস্থলীৰ পৰা কিছু নিলগতেই বিহুবৰ আৰক্ষী থানা থকাৰ পিছতো কিদৰে চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ আৰক্ষীয়ে এই দোকানসমূহ ভাঙি তহিলং কৰিলে,
তাক লৈও সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ৷ উল্লেখযোগ্য যে ১৯৬৩ চনত অসমৰ পৰা নগালেণ্ড পৃথক ৰাজ্য গঠন হোৱাৰ পিছৰে পৰা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহৰ সোপাঢিলা নীতিৰ সুযোগ গ্ৰহণ কৰি নগালেণ্ডৰ নগা লোক আৰু উগ্ৰপন্থী সংগঠন এন এছ চি এনে বিভিন্ন সময়ত সীমান্তৰ অসমীয়া লোকক ধন দাবী,
ঘৰ-দুৱাৰত অগ্নিসংযোগ, থলুৱা অসমীয়া লোকৰ চাহ বাগিচাৰ চাহগছ কাটি গেলেকী সংৰক্ষিত বনাঞ্চলৰ বহু মূল্যৱান বনজ সম্পদ ধবংস কৰি অহাৰ উপৰি অসমৰ শ শ হেক্টৰ ভূমি বেদখল কৰি আগ্ৰাসন চলাই আহিছে ৷
দুয়োখন ৰাজ্যৰ সীমা সমস্যাটোৰ স্থায়ী সমাধানৰ ক্ষেত্ৰত উচ্ছতম ন্যায়ালয়ৰ বিচৰাধীন হৈ থকা সুদীৰ্ঘ প্ৰায় ৫০ বছৰেও কোনো সমাধানৰ সূত্ৰ নোলাল৷ বিগত সময়ত অসমৰ গেলেকী সংৰক্ষিত বনাঞ্চলৰ বহু হেক্টৰ ভূমি দখল কৰি নগাই স্কুল, নগালেণ্ড চৰকাৰৰ বিভিন্ন বিভাগৰ কাৰ্যালয় ,
গিৰ্জা গৃহ আদি নিৰ্মাণ কৰি অসমৰ ভূ-খণ্ড সংকুচিত কৰি অহাৰ পিছতো কোনো এখন চৰকাৰে ইয়াৰ স্থায়ী সমাধানৰ বাবে সুপৰিকল্পিত পদক্ষেপ গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই৷ বিহুবৰ আৰক্ষী থানাৰ পৰা প্ৰায় দুই কিল’মিটাৰ অসমৰ ভিতৰলৈ অতিক্ৰম কৰি আহি কাহিিল পুৱাতেই নগা দুৰ্বৃত্তৰ ৰূপত নগা আৰক্ষী
আৰু সাধাৰণ নগা লোকে জে চি বি লগাই ঔগুৰিজানত বছৰ বছৰ ধৰি দোকান দি পৰিয়াল পোহপাল দি অহা বিশ্বজিৎ ডেকা , বিনয় বাঢ়ৈ, সৰু পাটৰ, কন্যাক নায়ক, ঊষা যাদৱ গগৈ , লাৱণ্য গোহাঁই আদিকে ধৰি প্ৰায় ১২টা পৰিয়ালৰ দোকান গৃহ ভাঙি চূৰমাৰ কৰে৷ এই ঘটনাক লৈ অঞ্চলটোত ব্যাপক উত্তেজনাই বিৰাজ কৰিছে৷
ঘটনাস্থলীত আজি শিৱসাগৰ জিলা আছুৰ সভাপতি মানৱ হাজৰিকা, নাজিৰা মহকুমা ছাত্ৰ সন্থাৰ সভাপতি দেৱজিৎ গগৈ, সাধাৰণ সম্পাদক প্ৰীতম বৰগোহাঁইৰ নেতৃত্বত এক সঁজাতী দল উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে সীমান্তবাসীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ দাবী জনাইছে৷
আনহাতে ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে ক্ষতিগ্ৰস্ত অসমীয়া লোকসকলক সংবাদ মাধ্যমৰ আগত মুখ নুখুলিবলৈ হুমকি দিয়াৰ দৰে পৰিস্থিতিত বহু লোকে সংবাদ মাধ্যমক কথা কোৱাৰ পৰা বিৰত থাকে৷ ঘটনাস্থলীত নাজিৰা প্ৰশাসনৰ দণ্ডাধীশ আৰু নাজিৰাৰ মহকুমা আৰক্ষী বিষয়া উপস্থিত হয়৷
আনহাতে, অসমৰ মাটিত নগাৰ উচ্ছেদ অভিযান ঘটনাৰ বিৰুদ্ধে সৰৱ নাজিৰা মহকুমা ছাত্ৰ সন্থা৷ এক বিজ্ঞপ্তিযোগে নাজিৰা মহকুমা ছাত্ৰ সন্থাই নগালেণ্ড পুলিচ আৰু দুবৃৰ্ত্তই অসমৰ মাটিত আহি এনে উপদ্ৰৱ আৰু কৰ্মকাণ্ডৰ বিৰুদ্ধে স্থানীয় জনসাধাৰণে তীব্ৰ প্ৰতিবাদ জনোৱাৰ
লগতে নাজিৰা মহকুমা ছাত্ৰ সন্থাৰ এটা সঁজাতী দল ঘটনাস্থলীত উপস্থিত হৈ নগা আৰক্ষীৰ বিৰুদ্ধে এনে সাহস পুনৰ বাৰ নকৰিবৰ বাবে সকীয়নি প্ৰদান কৰাৰ লগতে অসম আৰক্ষী, নাজিৰা মহকুমা প্ৰশাসন আৰু শিৱসাগৰ প্ৰশাসনৰ নিৰ্লিপ্ত ভূমিকাৰ কাৰণে এনেধৰণৰ কাৰ্য সংঘটিত হ’বলৈ পালে বুলি আৰক্ষী আৰু প্ৰশাসনকে দোষাৰোপ কৰে৷
Comments