গুৱাহাটী ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ নৱেম্বৰ ঃ অসম-মেঘালয়ৰ সীমা-সমস্যাক লৈ আজিও উত্তেজনাপূৰ্ণ পৰিস্থিতি অব্যাহত আছে৷ পশ্চিম কাৰ্বি আংলং জিলাৰ মুক্ৰ সীমান্তত কালি জ্বলা জুইকুৰা উমি উমি আজিও জলি আছে অসম আৰু মেঘালয়ৰ উভয় ৰাজ্যত৷
আনহাতে, মেঘালয়ৰ বিভিন্ন স্থানত অসমৰ বহু পৰ্যটক এতিয়াও আবদ্ধ হৈ আছে৷ উত্তেজনা সম্প্ৰসাৰণ নহ’বৰ বাবে আজিও মেঘালয়ৰ সাত জিলাত ইণ্টাৰনেট সেৱা কৰ্তন অব্যাহত আছে৷ কালিৰ ঘটনাৰ বাবে আজি মেঘালয়ত ছাত্ৰ সংগঠনৰ প্ৰতিবাদ হোৱাৰ লগতে কাইলৈ মেঘালয়ৰ মন্ত্ৰীসভাৰ এটা প্ৰতিনিধি দলে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিব৷
চুবুৰীয়া ৰাজ্যখনত আবদ্ধ হৈ থকা অসমৰ পৰ্যটক আৰু গাড়ীচালকসকলক উদ্ধাৰৰ ব্যৱস্থা কৰিবলৈ আজি অসমৰ চালকসকলে চৰকাৰক আহবান জনায়৷ উল্লেখযোগ্য যে কালি সংঘটিত সংঘৰ্ষৰ পাছত আজিও অসমৰ লোকক মেঘালয়লৈ যোৱাত ৰাজ্য চৰকাৰে বাধা তিনি পিঠিৰ পৰা আৰোপ কৰে৷
অসমৰ পৰা যিকেইটা দিশেৰে মেঘালয়ত প্ৰৱেশ কৰিব পাৰি সকলোতে প্ৰশাসনে বেৰিকেড লগাই অসমৰ লোকসকলক মেঘালয়লৈ নাযাবলৈ পৰামৰ্শ দিছে৷ আনকি অন্য ৰাজ্যলৈ যাব বিচৰা অসমৰ লোককো মেঘালয়ৰ মাজেৰে নাযাবলৈ পৰামৰ্শ দিয়া হৈছে৷
আনহাতে, মেঘালয়ত কালি অসমৰ এখন গাড়ীত অগ্নিসংযোগ কৰাৰ পাছত আজি গুৱাহাটীত একাংশ উত্তেজিত গাড়ীচালকে এখন মেঘালয়ত পঞ্জীয়ন কৰা গাড়ীক অসমৰ পৰা একপ্ৰকাৰ খেদি পঠিয়ায়৷ উত্তেজিত গাড়ীচালকসকলে গাড়ীখনৰ কিছু ক্ষতিসাধনো কৰে৷
ইফালে কালিৰ পৰা মেঘালয়ৰ শ্বিলং, চেৰাপুঞ্জী, মাওলিনং আদি বিভিন্ন পৰ্যটনস্থলীত আবদ্ধ হৈ পৰা অসমৰ লোকসকল ঘূৰি অহাৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সৃষ্টি হৈছে৷ শ্বিলঙত অসমৰ পৰা যোৱা বাহন পাৰ্কিং কৰি থোৱা স্থানত যোৱা নিশা হঠাতে মেঘালয় আৰক্ষী গৈ সকলো গাড়ী নিশাটোৰ ভিতৰতে অসমলৈ বলপূৰ্বক ঘূৰাই পঠিওৱাৰ ব্যৱস্থা কৰে৷
পৰ্যটক কঢ়িয়াই নিয়া বাহনসমূহত আনকি সেই লোকসকলক ঘূৰাই অনাৰ সময়ো নিদিয়াৰ অভিযোগ কৰে বাহনৰ চালকসকলে৷ তেওঁলোকে প্ৰকাশ কৰে যে নিশা হঠাতে আৰক্ষীয়ে তেওঁলোকক ঘূৰি অহাৰ নিৰ্দেশ দিয়ে আৰু একেলগে অৰ্ধশতাধিক বাহনক এছক’ৰ্ট দি অসমলৈ ঘূৰাই পঠিয়ায়৷
আনহাতে, মেঘালয়ৰ বিভিন্ন স্থানত আবদ্ধ হৈ পৰা আন বহু বাহনৰ চালকসকল যি স্থানত আছে তাতে সোমাই থাকিবলৈ বাধ্য হৈছে৷ একেদৰে পৰ্যটকসকল অসমলৈ ঘূৰি অহাৰ বাবে ব্যাপক সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ প্ৰশাসনে অসমৰ পৰ্যটকসকলক অসমৰ পঞ্জীয়ন থকা গাড়ী ব্যৱহাৰ নকৰি মেঘালয়ৰ পঞ্জীয়ন থকা গাড়ী ব্যৱহাৰ কৰি ঘূৰি অহাৰ পৰামৰ্শ দিছে৷
ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি মেঘালয়ৰ গাড়ীচালকসকলে নিশাটোৰ ভিতৰতে গাড়ীভাৰা চাৰিগুণ পৰ্যন্ত বৃদ্ধি কৰাৰ অভিযোগ উঠিছে৷
আজি কোনোমতে ঘূৰি আহিবলৈ সক্ষম হোৱা একাংশ লোকে প্ৰকাশ কৰা মতে যি স্থানত শ্বিলঙৰ পৰা গুৱাহাটীলৈ ভাৰা ৫০০ টকা লয় সেই ভাৰা আজি ২০০০ টকালৈ বৃদ্ধি কৰি মেঘালয়ৰ চালকসকলে অসমৰ লোকসকলক একপ্ৰকাৰ লুণ্ঠন চলায়৷ আনহাতে, বৰ্ণিহাটত আজি খাছি ছাত্ৰ সন্থাই কালিৰ ঘটনাৰ প্ৰতিবাদ সাব্যস্ত কৰে৷
বৰ্ণিহাটৰ সকলো কাৰ্যালয় আৰু ব্যাৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখাৰ লগতে য’তে-ত’তে ক’লা পতাকা উৰুৱাই কালিৰ গুলীচালনাৰ ঘটনাটোৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ লক্ষণীয়ভাৱে ব্যক্তিগত বাহনৰ যাতায়াত বন্ধ ৰাখিলেও বাণিজি্যক বাহনসমূহ অসম-মেঘালয়ৰ মাজত চলাচল অব্যাহত ৰখাৰ অনুমতি দিয়া হৈছে৷
প্ৰণিধানযোগ্য যে অসম চৰকাৰে কালিয়েই মেঘালয়ৰ সৈতে সংলগ্ন সীমান্ত এলেকাত হাই এলাৰ্ট জাৰি কৰিছিল৷ ইফালে কাইলৈ মেঘালয় মন্ত্ৰীসভাৰ এটা প্ৰতিনিধি দলে নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিব৷ লগতে স্বতন্ত্ৰ সংস্থাৰদ্বাৰা খেৰণি-মুক্ৰ সীমান্তত কালি সংঘটিত হোৱা ঘটনাৰ তদন্ত দাবী কৰিব৷
Comments