গুৱাহাটী,২৪ নৱেম্বৰ:সদৌ অসম প্রাথমিক টেট উত্তীর্ণ শিক্ষক সমাজৰ অন্তৰ্গত প্ৰতিখন জিলা সমিতিয়ে শিক্ষামন্ত্ৰীলৈ টেট উত্তীর্ণ প্রাথমিক শিক্ষকৰ পত্ৰ নিজৰ নিজৰ জিলাৰ প্ৰাথমিক শিক্ষা বিষয়াৰ জৰিয়তে আজি অসমৰ শিক্ষামন্ত্ৰীলৈ একোখনকৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে । উল্লেখ্য, প্রাথমিক টেট উত্তীর্ণ শিক্ষকসকলে যোৱা ১০ বছৰে বিভিন্ন পর্যায়ত নিযুক্তি লাভ কৰি প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ উন্নয়নৰ সেৱাত অতি নিষ্ঠাৰে নিয়োজিত হৈ আছে।
গৃহ জিলাৰ পৰা বহু দূৰৰ দুৰ্গম অঞ্চলত কৰ্মৰত এই শিক্ষকসকলে স্বচ্ছ আৰু নিকাভাবে গৃহ জিলালৈ বা গৃহ জিলাৰ নিকটৱৰ্তী জিলালৈ বদলিকৰণৰ আশাত অপেক্ষা কৰিছিল। যোৱা কিছুদিনৰ পূৰ্বে অসমৰ শিক্ষা বিভাগে বদলিকৰণৰ অনলাইন প'ৰ্টেল মুকলি কৰাৰ পিছত শিক্ষকসকলে আগ্ৰহেৰে আবেদন জনাই বদলিৰ অপেক্ষাত আছিল। কিন্তু একক আৰু পাৰস্পৰিক বদলিৰ প্ৰক্ৰিয়া সম্পূর্ণ হৈ উঠাৰ আগতেই শিক্ষা বিভাগে বর্তমান শিক্ষকৰ ৰেছনেলাইজেশ্যন কৰিবলৈ উঠি-পৰি লাগিছে,যাৰ ফলত একক বদলিকৰণৰ আবেদন কৰা শিক্ষকসকলক সন্দিহান কৰি তুলিছে।
কাৰণ ৰেছনেলাইজেশ্যন হৈ যোৱাৰ পিছত একক বদলিৰ বিষয়টো জটিল হৈ পৰিব তথা যিকোনো চৰকাৰী কৰ্মচাৰীৰ বদলিৰ যি সেৱা অধিকাৰ তাৰপৰাও বঞ্চিত হ'ব এই শিক্ষকসকল। বার্ষিক পাৰদর্শিতা মূল্যায়ন নহ'লে চাকৰি হেৰুৱাব বুলি কৰা শিক্ষামন্ত্ৰীৰ মন্তব্যই শিক্ষকসকলক হতাশ কৰিছে। সেয়েহে আজি সদৌ অসম প্রাথমিক টেট উত্তীর্ণ শিক্ষক সমাজৰ প্রতিখন জিলা সমিতিয়ে জিলা প্রাথমিক শিক্ষা বিষয়াৰ জৰিয়তে শিক্ষামন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰি শিক্ষকৰ মর্মবেদনা বুজিবলৈ শিক্ষামন্ত্রীক আহ্বান জনায়।
সদৌ অসম প্ৰাথমিক টেট উত্তীর্ণ শিক্ষক সমাজে ঘোষণা কৰা এই কার্যসূচী সফলতাৰে সমাপন কৰা প্ৰতিখন জিলা সমিতিলৈ ধন্যবাদ জনাই সংগঠনৰ কেন্দ্রীয় নেতৃত্বই লগতে স্মাৰক-পত্ৰত উল্লেখ থকা বিষয়সমূহ ইতিবাচকভাবে বিচাৰ কৰি আন্দোলনবিহীন এক পৰিৱেশত শিক্ষকসকলক সুস্থ মনে পাঠদান কার্যত মনোনিৱেশ কৰাৰ সুযোগ প্ৰদান কৰিবলৈ শিক্ষামন্ত্রীক অনুৰোধ জনায় সংগঠনটোৱে।
Comments