গুৱাহাটী, ২৪ নৱেম্বৰ: দেশৰ স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষৰ স্মৃতিত ‘আজাদী কা অমৃত মহোৎসৱ উদযাপন’ৰ অংশ হিচাপে ভাৰতীয় নৌসেনাৰ মটৰ বাইক দল - ছি ৰাইডাৰ্ছে উত্তৰ পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যত মটৰ চাইকেল চলাই অভিযানত নামিব। শুকুৰবাৰে পুৱা গুৱাহাটীৰ পৰা এই যাত্ৰা আৰম্ভ কৰা হ’ব।
এই অভিযানৰ ফ্লেগ অফ কৰিব নৌসেনাৰ মুৰব্বী এডমিৰেল আৰ হৰি কুমাৰে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে। দুগৰাকী মহিলা বিষয়াকে ধৰি ৩১ গৰাকী ৰাইডাৰেৰে গঠিত ছি ৰাইডাৰ্ছে ২৪ দিনৰ ভিতৰত মুঠ ৩৫০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব।
ভাৰত-বাংলাদেশ সীমান্ত অতিক্ৰম কৰি ঐতিহাসিক উনাকোটি ভাস্কৰ্য্য, কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰিব এই ৰাইডাৰসকলে।এই অভিযানে ৰাজধানী চহৰ গুৱাহাটী, শ্বিলং, আইজল, ইম্ফল আৰু কোহিমাৰ মাজেৰে পাৰ হৈ উচ্চ উচ্চতাৰ চেলা এণ্ড বুম লা পাছৰ মাজেৰে ৰাইডিং কৰিব।
এই অভিযানৰ সময়ত ছি ৰাইডাৰসকলে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰিব আৰু দুঃসাহসিক অভিযানৰ মনোভাৱৰ পৰিচয় দিয়াৰ লগতে তেওঁলোকক ভাৰতীয় নৌসেনাৰ সম্পৰ্কে সচেতন কৰি তুলিব। এই অনন্য অংশীদাৰিত্বৰ লক্ষ্য হৈছে যুৱক-যুৱতীসকলক সশস্ত্ৰ বাহিনীত যোগদান কৰিবলৈ প্ৰেৰণা যোগোৱা।অহা ১৫ ডিচেম্বৰত গুৱাহাটীত এই অভিযানৰ সামৰণি পৰিব।
Comments