গুৱাহাটী, ২৫ নৱেম্বৰঃ ইউক্ৰেইনৰ সৈতে হোৱা যুদ্ধৰ মাজতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ স্বাস্থ্যসম্পৰ্কে বহুতো প্ৰশ্ন উত্থাপিত হৈছে। পুটিনৰ শেহতীয়া ছবি এখনত, তেওঁৰ হাতখনৰ কিছু ফুলা দেখা গৈছে, য'ত তেওঁ হাতেৰে চকীখন টানকৈ ধৰি আছে। পুটিনক মঙলবাৰে (২২ নৱেম্বৰ) কিউবাৰ ৰাষ্ট্ৰপতি মিগুৱেল ডিয়াজ-কেনেলৰ সৈতে এখন বৈঠকত উপস্থিত থাকে। য'ত তেওঁৰ ভৰি দুখন কঁপি থকা অৰু লৰচৰ কৰা দেখা গৈছে। লগতে তেওঁৰ হাতত বেঙুনীয়া দাগ দেখা গৈছে। কেৱল এয়াই নহয়, ৰাছিয়াৰ ৰাজধানী মস্কোত দিয়াজ-কেনেলৰ সৈতে কথা পাতি থাকোতে পুটিনক মুখখন ফুলি থকাৰ লগতে মুখত অদ্ভুত হাঁহি দেখা গৈছে। তেওঁৰ বাওঁ হাতখন তেওঁ বহি থকা চকীখনৰ বাহুৰ চাৰিওফালে টানকৈ মেৰিয়াই থোৱা দেখা গৈছিল। যেন পুটিনে নিজকে স্থিৰ কৰিবলৈ চেষ্টা কৰি আছে।
ফেব্ৰুৱাৰীত ইউক্ৰেইন আক্ৰমণৰ আৰম্ভণিৰ পৰা, ভ্লাদিমিৰ পুটিন কোনো ধৰণৰ ৰোগত আক্ৰান্ত হৈছে বুলি একেৰাহে বাতৰি ওলাই আছে। ৭০ বছৰীয়া ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ স্বাস্থ্য জল্পনা-কল্পনাৰ বিষয় হৈ পৰিছে, তেওঁ দুৰাৰোগ্য ৰোগত আক্রান্ত হোৱা বুলি জানিব পৰা গৈছে।
Comments