গুৱাহাটী, ২৬ নৱেম্বৰঃ ৰণবীৰ-দীপিকাৰ যুটিটো বহুতে ভাল পায়। দুয়োগৰাকী তাৰকাই তেওঁলোকৰ আকৰ্ষণীয় অভিনয়েৰে অনুৰাগীসকলক যথেষ্ট মনোৰঞ্জন কৰি আহিছে। যদিও এই দুয়ো তাৰকাই ইজনে আনজনৰ সৈতে বহুত বেলেগ, তথাপিও দম্পতি হিচাপে, তেওঁলোক দুয়োকে ইজনে সিজনৰ সৈতে খুব ধুনীয়া দেখি । শেহতীয়াকৈ দুয়োগৰাকীয়ে মিলি মুম্বাইত এটা বিলাসী ঘৰ কিনিছে। বিগত ২৪ নৱেম্বৰত সামাজিক মাধ্যমত দীপিকা-ৰণবীৰৰ নতুন ঘৰৰ এটা ভিডিঅ' শ্বেয়াৰ হৈছিল। য'ত দেখিবলৈ পোৱা গৈছে যে দম্পতিহালৰ নতুন ঘৰটো এতিয়া নিৰ্মাণ কৰি থকা হৈছে। এই ভৱনটোৰ গেটৰ সন্মুখত এটা এল.ই.ডি. আছে, য'ত এইটো স্পষ্টভাৱে দৃশ্যমান হয় যে নিৰ্মাণ কৰাৰ পিছত তেওঁলোকৰ ঘৰটো কেনেকুৱা হ'ব।
ইপিনে, যোৱা আগষ্ট মাহত ৰণবীৰ আৰু দীপিকাই তেওঁলোকৰ ঘৰৰ গৃহ প্ৰবেশ পূজাৰ ফটো শ্বেয়াৰ কৰিছিল যিবোৰ ইণ্টাৰনেটত ভাইৰেল হৈ পৰে। ৰণবীৰ আৰু দীপিকাক ফটোবোৰত হোমৰ অগ্নিত সেৱা লৈ থকা দেখা গৈছিল। বৰ্তমান, অনুৰাগীসকলে তেওঁলোকৰ নতুন ঘৰটো চাবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে।
Comments