গুৱাহাটী,২৫ নৱেম্বৰ :শীতৰ আগমনৰ লগে লগে ৰাজ্যৰ লগতে দেশৰ ভিন্ন প্ৰান্তত দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে ৷ এই দুৰ্ঘটনা হোৱাৰ অধিকাংশ কাৰণেই হৈছে ঘন কুঁৱলি ৷ বিশেষকৈ পাহাৰীয়া ৰাজ্যসমূহত ঘন কুঁৱলিৰ বাবে অধিক দুৰ্ঘটনা হোৱা দেখা যায় ৷
তথ্য অনুসৰি, শুকুৰবাৰে পুৱা হিমাচল প্ৰদেশৰ ৰাষ্ট্ৰীয় ঘাইপথ চণ্ডীগড় মানালী পথত সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা ৷ পুৱা মানালীৰ পৰা চণ্ডীগড় অভিমুখে গৈ থকা পঞ্জাৱৰ PB01C 9972 নম্বৰৰ এখন বিলাসী বাছ সাগৰ ভিউ হোটেলৰ সমীপতে এক দুৰ্ঘটনাত পতিত হয় ৷জানিব পৰা মতে, দুৰ্ঘটনাত পতিত হোৱা বাছখনত আছিল ৪০ জন যাত্ৰী ৷ ইয়াৰে ভিতৰত ১৮ জন যাত্ৰী গুৰুতৰভাৱে আহত হয় । আহতসকলক চিকিৎসাৰ বাবে তৎকালীনভাৱে বিলাসপুৰৰ আঞ্চলিক চিকিৎসালয় ভৰ্তি কৰোৱা হয় । প্ৰাৰম্ভিক তদন্ত অনুসৰি, অভাৰ স্পীডৰ বাবেই বাছখন দুৰ্ঘটনা পতিত হোৱা বুলি অনুমান কৰিছে আৰক্ষীয়ে ৷
Comments