তিনিচুকীয়া,২৫ নৱেম্বৰ: অসম চৰকাৰৰ উদ্যোগত নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তীৰ মুখ্য কাৰ্য্যসূচীৰ আজি তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক কেন্দ্রত পোনপটীয়া সম্প্ৰচাৰণ কৰে। পোনপটীয়া সম্প্ৰচাৰণত বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে স্থানীয় বিশিষ্ট ব্যক্তি তথা জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।
আনহাতে,শদিয়া আৰু মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনৰ উদ্যোগতো নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তীৰ মুখ্য কাৰ্য্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰণৰ ব্যৱস্থা গ্ৰহণ কৰে । পোনপটীয়া সম্প্ৰচাৰণ পাছতে বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী উপলক্ষে তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত "বীৰ লাচিত বৰফুকন" শীৰ্ষক ৰচনা প্ৰতিযোগিতাৰ লগতে পৰম্পৰাগত ক্ৰীড়া যেনে টেকেলি ভংগা, ৰচী টনা আৰু তেলীয়া খুটাত বগোৱা প্ৰতিযোগিতাৰ বিজয়ী দল তথা প্ৰতিযোগীসকলক বঁটা প্ৰদান কৰে।
ৰচী টনা প্ৰতিযোগিতাত মহিলা শাখাত সাৰ্বজনীন উচ্চ মাধ্যমিক বালিকা বিদ্যালয় জয়ী হোৱাৰ বিপৰীতে Govt. ITI Girls দল ৰানাৰ্ছ আপ হয়। ল'ৰাৰ শাখাত Govt. ITI Boys, Group A বিজয়ী হোৱাৰ বিপৰীতে Govt. ITI Boys, Group B ৰানাৰ্ছ আপ হয়। টেকেলী ভঙা প্ৰতিযোগিতাত ছোৱালী শাখাত প্ৰথম,দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে জ্যোতিকা কলিতা, নিব্যা কুমাৰ চাহু আৰু ধঞ্জলী মোহনে। আনহাতে, ল'ৰাৰ শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে দ্বীপেন গোহাঁই, ৰুস্তম বৰুৱা আৰু পুতুল বুঢ়াগোহাঁইয়ে।
তেল দিয়া খুটাত বগোৱা প্ৰতিযোগিতাত ল'ৰাৰ শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে ৰাহুল কুমাৰ প্ৰজাপতি, দ্বীপেন গোহাঁই আৰু মানসপ্ৰতীম দুৱাৰাই। ছোৱালী শাখাত লীমা গগৈ, শীবাশ্ৰী মহন আৰু বিন্দীয়া মৰাংয়ে ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে। চাৰিটা শাখাত অনুষ্ঠিত ৰচনা প্ৰতিযোগিতাৰ "ক" শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে পাটিপথাৰ প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী মণিষা থাপা, ধলা বজাৰ মেক্স পাৱলিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী ধৃতিস্মিতা বৰুৱা আৰু তিনিচুকীয়া আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ অংকুৰ গাৰ্গে। "খ" শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে অমৰজ্যোতি মাধ্যমিক ইংৰাজী বিদ্যালয়, শদিয়াৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ৰাজেন চেত্ৰী, এ. নিউ হায়াৰ চেকেণ্ডেৰী বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ ফাৰহান ৰাজা খান আৰু ছৈখোৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী প্ৰিয়ংকা প্ৰধানে।
"গ" শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে হুনলাল হায়াৰ চেকেণ্ডেৰী বিদ্যালয়, ডুমডুমাৰ দশম শ্ৰেণীৰ ছাত্ৰী অনুষ্কা বিভাৰ, বৰুৱাহোলা হাইস্কুল, পানীতোলাৰ দশম শ্ৰেণীৰ ছাত্ৰী পৰী দাস আৰু পাৰিজাত বিদ্যালয়, মাৰ্ঘেৰিটাৰ নৱম শ্ৰেণীৰ ছাত্ৰী জিকি নেওঁগে। "ঘ" শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে আৰ. ডি ছিনিয়ৰ চেকেণ্ডেৰী স্কুল, ডিগবৈৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী প্ৰজ্ঞা পূজাৰী, দিহিংভেলী জুনিয়ৰ কলেজ, লেখাপানীৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী বৰ্ণালী বৰা আৰু ছৈখোৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী তৃষ্ণা সোণোৱালে।
জিলা উন্নয়ন আয়ুক্ত নয়নজ্যোতি ভাগৱতী,তিনিচুকীয়া জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মুনিন্দ্ৰ বৰদলৈ, জিলা পৰিষদৰ সভাপতি ৰাজেন্দ্ৰ কৈৰী, তিনিচুকীয়া পৌৰসভাৰ সভাপতি জয়ন্ত বৰুৱাই প্ৰতিযোগিতাত পাৰদৰ্শিতা দেখুৱা প্ৰতিযোগীক পুৰস্কাৰ বিতৰণ কৰে। কাৰ্য্যসূচীত অতিৰিক্ত উপায়ুক্ত দিপু কুমাৰ ডেকা, অতিৰিক্ত উপায়ুক্ত পলাশ ৰাজকুমাৰ আহোম, অতিৰিক্ত উপায়ুক্ত সুশান্ত দত্ত, অতিৰিক্ত উপায়ুক্ত চৰফ্ৰাজ হক, নিৰ্বাচনী বিষয়া কংকনজ্যোতি শইকীয়া, সহকাৰী আয়ুক্ত অপৰূপা বৰগোহাঁই, জিলা তথ্য আৰু জনসংযোগ বিষয়া মামুন বৰকটকী প্ৰমুখ্যে জিলা প্ৰশাসনৰ অন্যান্য বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত আছিল।
Comments