Cartoon
View Older
তিনিচুকীয়া,২৫ নবেম্বৰঃ তিনিচুকীয়া জিলাৰ মাকুম আৰক্ষী থানাৰ অন্তৰ্গত ছো'ট হাপজানস্থিত এন আৰ এল তেল ডিপোত কৰ্মৰত বিশ্বজিৎ ফুকন (১৯) নামৰ যুৱক এজনে আত্মহনন কৰাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে । জানিব পৰামতে, ডিঙিত চিপ লোৱা অৱস্থাত তেল ডিপোটোত থকা এটা আৱাসৰ পৰা দণ্ডাধীশৰ উপস্থিতিত মাকুম আৰক্ষীয়ে যুৱক জনৰ মৃতদেহটো উদ্ধাৰ কৰে।
যুৱকজনে যিটো আৱাসত আত্মহত্যা কৰিলে,সেই আৱাসটোতে তেওঁ বাস কৰিছিল । যুৱকজনৰ ঘৰ তিনিচুকীয়া কচুজানত বুলি উল্লেখ কৰিছে । কি কাৰণত এই ঘটনা সংঘটিত হল সেয়া স্পষ্ট হোৱা নাই। ঘটনাস্থলীত ডুমডুমা ৰাজহ চক্ৰ বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ ৰণনময় ভৰদ্বাজ উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰু আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰিছে।
Comments