গুৱাহাটী, ২৬ নৱেম্বৰঃ শতিকাৰ মহাতাৰকা বলীউড অভিনেতা অমিতাভ বচ্চনে দিল্লী উচ্চ ন্যায়ালয়ত শেহতীয়াকৈ তেওঁৰ অনুমতি অবিহনে তেওঁৰ নাম, ফটো, কণ্ঠ স্বৰ আৰু অন্যান্য চিহ্নৰ ব্যৱহাৰ নিষিদ্ধ কৰিবলৈ আবেদন দাখিল কৰে। এই আৱেদনৰ শুনানিৰ সময়ত উচ্চ ন্যায়ালয়ে শুক্ৰবাৰে অন্তৱৰ্তীকালীন আদেশত উল্লেখ কৰে যে, "এতিয়াৰে পৰা অমিতাভ বচ্চনৰ অনুমতি অবিহনে তেওঁৰ আলোকচিত্ৰ, কণ্ঠ স্বৰ আৰু অন্যান্য ব্যক্তিগত চিহ্ন কোনেও ব্যৱহাৰ কৰিব নোৱাৰিব।"
দিল্লী উচ্চ ন্যায়ালয়ে লগতে দেশৰ সকলো টেলিকম অপাৰেটৰক এই সন্দৰ্ভত তেওঁলোকৰ আদেশ অনুসৰণ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে। আদালতৰ এই শুনানিৰ সময়ত চুপাৰষ্টাৰ অমিতাভ বচ্চনৰ হৈ দিল্লী উচ্চ ন্যায়ালয়ত হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা হৰিশ চালভেয়ে আদালতত কয় যে, "অমিতাভ বচ্চনৰ অধিকাৰ খৰ্ব হৈছে। অভিনেতা গৰাকীয়ে বিচাৰে যে তেওঁৰ অনুমতি অবিহনে তেওঁৰ নাম, কণ্ঠ স্বৰ আৰু ব্যক্তিত্ব ব্যৱহাৰ কৰিব নালাগে।"
অমিতাভ বচ্চনৰ অধিবক্তাই উচ্চ ন্যায়ালয়ত এইটোও কয় যে, "বহুতো কোম্পানীয়ে অভিনেতা গৰাকীৰ অনুমতি অবিহনে তেওঁৰ নাম, কণ্ঠ স্বৰ আৰু ব্যক্তিত্ব ব্যৱহাৰ কৰি আহিছে আৰু এই সকলোবোৰ দীৰ্ঘদিন ধৰি অহৰহে চলিয়ে আছে। আজিকালি আনকি অনলাইন লটাৰী আৰু টি-চাৰ্টৰ দৰে সামগ্ৰীতো, তেওঁৰ ফটো আৰু কণ্ঠস্বৰ অনুমতি নোলোৱাকৈ একেৰাহে ব্যৱহাৰ কৰি থকা হৈছে। একেদৰে, অমিতাভ বচ্চনৰ নামত বহুতো ৱেবছাইটৰ ডমেইন পঞ্জীয়ন কৰা হৈছে। এনে পৰিস্থিতিত, তেওঁৰ ব্যক্তিত্বৰ পুনৰুদ্ধাৰ কৰাৰ উদ্দেশ্যে কৰা সকলোবোৰ কাৰ্যকলাপ তৎক্ষণাৎ বন্ধ কৰিব লাগে।"
Comments