গুৱাহাটী, ২৬ নৱেম্বৰঃ বিশ্বই যোৱা ৯ মাহ ধৰি ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধ দেখি আহিছে। য'ত ৰাছিয়াই ইউক্ৰেইনৰ চহৰবোৰ মিছাইল আৰু ৰকেটৰে আক্ৰমণ কৰি আছে। একে সময়তে, ইউক্ৰেইনেও ইয়াৰ উপযুক্ত প্ৰত্যুত্তৰ দিছে। কিন্তু এই সকলোবোৰৰ মাজত, এক বেলেগ আতংকই আমেৰিকাক অসুবিধাত পেলাইছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিষয়াসকলে আশংকা কৰিছে যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনত বৃহৎ পৰিমাণৰ ৰাসায়নিক অস্ত্ৰ আক্ৰমণত নভিচোক বিষাক্ত পদাৰ্থ ব্যৱহাৰ কৰিব পাৰে।
এই যুদ্ধ ক্ৰমান্বয়ে কিয়েভৰ পক্ষত আগবাঢ়ি অহাৰ লগে লগে, ৰাছিয়াই ইউক্ৰেইনক আত্মসমৰ্পণ কৰাবলৈ বাধ্য কৰাৰ বাবে ভয়ানক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে বুলি আশংকা বৃদ্ধি পাইছে। ইয়াত অন্তৰ্ভুক্ত আছে পাৰমাণৱিক আক্ৰমণ বা বিষাক্ত বোমাৰ আক্ৰমণ।
কিন্তু পুটিনে নাটোৰ সৈতে পাৰমাণৱিক সংঘৰ্ষ কৰাৰ আগতে ব্যাপক হতাহত হোৱাৰ ক্ষেত্ৰত ৰাসায়নিক অস্ত্ৰ ব্যৱহাৰ কৰিবলৈ প্ৰস্তুত বুলি বিশেষ সূত্ৰযোগে জানিব পৰা গৈছে।
ৰাষ্ট্ৰপতি জ' বাইডেনৰ প্ৰশাসনে পশ্চিমীয়া মিত্ৰশক্তিক এনে আক্ৰমণৰ বাবে প্ৰস্তুত কৰাটো নিশ্চিত কৰিবলৈ কাম কৰি আছে। ৱাশ্বিংটনে আশংকা কৰিছে যে যুদ্ধক্ষেত্ৰত অধিক লোকচান বা পুটিনৰ সেনাবাহিনীৰ সম্পূৰ্ণ পতনৰ সন্মুখীন হ'লে ৰাছিয়াই ৰাসায়নিক অস্ত্ৰ ব্যৱহাৰ কৰিব।
Comments