Cartoon
View Older
গুৱাহাটী, ২৬ নৱেম্বৰঃমেঘালয়ত প্ৰতিবাদকাৰীৰ আক্ৰমণত আহত কেন্দ্ৰীয় শুল্ক,আবকাৰী বিভাগৰ বিষয়া৷ জানিব পৰা মতে,ৰাষ্ট্ৰীয় শুল্ক একাডেমী, পৰোক্ষ কৰ আৰু নাৰ্কোটিক্স (এনএচিআইএন)ত প্ৰশিক্ষণ লোৱাৰ বাবে শ্বিলঙত উপস্থিত থকা শুল্ক আৰু কেন্দ্ৰীয় আবকাৰী বিভাগৰ এজন পৰিদৰ্শক আলোক কুমাৰক কালি চহৰখনৰ আইজিপি পইণ্টত প্ৰতিবাদকাৰীয়ে আক্ৰমণ কৰে।
তেওঁৰ ম'বাইল কাঢ়ি লোৱা হৈছিল।তেওঁ ৰাজ্যৰ বাহিৰৰ পৰা প্ৰশিক্ষণৰ বাবে গৈছিল।তেওঁক সংকটজনক অৱস্থাত মেঘালয়ৰ উডলেণ্ড চিকিৎসালয়ৰ আইচিইউত ভৰ্তি কৰোৱা হৈছিল।পাছত তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ স্থানান্তৰ কৰা হয়।
Comments